
জাজৰিঃ বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত দলংঘাটত মঙলবাৰে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা আৰু সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ উদ্যোগত এক গণ ধৰ্মঘট কাৰ্যসূচী সম্পন্ন হয়।
ধৰ্মঘট কাৰ্যসূচীত জৱকাৰ্ডৰ সমূহ কাম শ্ৰমিকৰ জৰিয়তে কৰোৱা, জৱকাৰ্ডৰ মজুৰি ৫০০ টকালৈ বৃদ্ধি কৰা, দুখীয়া ৰাইজৰ কেৰাচিন বন্ধ কৰা চৰকাৰী সিদ্ধান্ত বন্ধ কৰা, দুখীয়া ৰাইজৰ সকলো ঋণ মাফ কৰা, সুলভ মূল্যৰ দোকানত চেনি, আটা, মিঠাতেল, ডাইল, গাখীৰ, কণী আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰা আদি দাবীত শ্ল’গানেৰে উত্তাল কৰি তোলে দলংঘাট খণ্ড উন্নয়ন কাৰ্যালয়ৰ চৌহদ।
গ্ৰামীণ শ্ৰমজীৱি ৰাইজৰ জীৱন আৰু জীৱিকা, জীয়াই থকাৰ অধিকাৰ সংগ্ৰামেৰে পুৱা ১১ বজাৰপৰা দলংঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত এই গন ধৰ্মঘট কাৰ্যসূচীত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ ৰাজ্যিক সমিতিৰ সম্পাদক অৰূপ কুমাৰ মহন্ত, অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা জন সাংস্কৃতিক আন্দোলনৰ কৰ্মী মৃদুপৱন বৰা, সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলাৰ সভানেত্ৰী পৰী কুমাৰী বৰুৱা, সম্পাদিকা আইফা বেগম, চন্দ্ৰমোহন নাথ, শৰত্ ডেকা, হাছিম আহমেদ আৰু বিপ্লৱী কমিউনিষ্টবাদী দীপজ্যোতি বৰাকে প্ৰমুখ্য কৰি তিনি শতাধিক ৰাইজে অংশগ্ৰহণ কৰে।