09
Apr
2019

জাজৰঃ অহা ১১ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাথো দুটা দিন থকা অৱস্থাত নগাঁও জিলাৰ জাজৰি থানা গাঁওৰক্ষী বাহিনীৰ ব্যৱস্থাপনাত থানাস্থিত গাঁওৰক্ষী বাহিনীৰ সভাগৃহত সোমবাৰে দিনৰ ১১ বজাত এখনি সজাগতা সভা অনুষ্ঠিত হয়।
জাজৰি থানা গাঁওৰক্ষী বাহিনীৰ সভাপতি যজ্ঞ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা দাঙি ধৰে সম্পাদক ৰাহুল দেৱ বৰদলৈয়ে। সভাত ১১ এপ্ৰিলত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহনৰ ক্ষেত্রত প্ৰশাসনক সকলো ধৰণৰ সহযোগিতা কৰিবলৈ আহ্বান জনায় থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমল কুমাৰ আচাৰ্যী আৰু চক্ৰ সংগঠক বিষয়া যজ্ঞ বৰাই।
এই সভাতে জাজৰি আৰক্ষী থানাত নতুনকৈ যোগদান কৰা ভাৰপ্ৰাপ্ত বিষয়া আচাৰ্যী আৰু দলংঘাট উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্রী কল্পনা বৰাক জাজৰি থানা গাঁওৰক্ষী বাহিনীৰ তৰফৰপৰা সম্বৰ্দ্ধনা জনোৱা হয়।