
newsnextone.com | জাজৰিঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে অসম আন্দোলনৰ নিৰ্যাতিতা পৰিয়ালে তীব্ৰ গণ আন্দোলন গঢি তোলাৰক ভাবুকি প্ৰদান কৰিছে কেন্দ্ৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে৷
নিৰ্যাতিত পৰিষদৰ ৰাইদঙীয়া আঞ্চলিক সমিতিয়ে কোনো কাৰণত হিন্দু বাংলাদেশীক অসমত থাকিবলৈ দিয়া নহব আৰু ৬ বছৰীয়া অসম আন্দোলনত অসমৰ ৰাইজে বহু নিৰ্যাতন ভোগ কৰাৰ লগতে ৮৫৫ জন শ্বহীদ হল বুলি কয়।
হেজাৰ হেজাৰ লোক নিৰ্যাতিত হল, বহু পংগু হল। ইমান দিনে অসমে বহু বিদেশীৰ বোজা বহন কৰিলে আৰু কোনো বিদেশীৰ বোজা অসমক দিবলৈ দিয়া নহ’ব বুলি কয় সদৌ অসম নিৰ্যাতিত পৰিষদৰ ৰাইদঙীয়া আঞ্চলিক সমিতিয়ে।
এক বিবৃতি যোগে আঞ্চলিকৰ সম্পাদক প্ৰসন্ন শইকীয়াই কয় যে অসমৰ স্বাৰ্থত, অসমীয়াৰ স্বাৰ্থত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে স্পষ্টমত প্ৰকাশ কৰা উচিত। নিৰ্যাতিত পৰিষদৰ ৰাইদঙীয়া আঞ্চলিক সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি বিৰাট গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে৷