জাজৰিঃ নগাঁও জিলাৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ দলংঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত গোপালঘাটত শংকৰ আজান মণ্ডল পৰ্যায়ৰ সমিতিৰ উদ্যোগত যোৱা ৯ আৰু ১০ জানুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত ভোগালী মেলাখন শুকুৰবাৰে সফলতাৰে সামৰণি পৰিছে৷  

দলংঘাট উন্নয়ন খণ্ডৰ ১১ টা গাঁও পঞ্চায়তৰ মহিলা আত্মসহায়ক গোটৰ বহু গ্ৰাম্য সংগঠনৰ সদস্যা সকলে বিভিন্ন তৰহৰ ভোগালীৰ জলপান, পিঠা-পনা, তিলৰ লাৰু, অসমীয়া খাদ্য সম্ভাৰ যেনে-কলাখাৰ, বেহুৰা, মাহগুৰা, অসমীয়া সাজপাৰ, গোটসমূহে নিজহাতে প্ৰস্তুত কৰা মেতেকাৰে নিৰ্মিত সামগ্ৰী, বিভিন্ন আচাৰ, শাক-পাচলি, দৈ আদিৰে ভোগালী মেলাত বিপনীৰ জৰিয়তে প্ৰদৰ্শন আৰু বিক্ৰী ব্যৱস্থা কৰে৷

ভোগালী মেলাৰ প্ৰথম দিনা পুৱাৰ ভাগত মেলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নগাঁও জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া দিবাকৰ দলেয়ে। মেলাৰ লগতে সংগতি ৰাখি সেই দিনা সন্ধ্যা ৬ বজাৰপৰা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে দলংঘাট উন্নয়ন  খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মনিতা দাস ৰাংহাঙ, উদ্বোধন কৰে খণ্ড প্ৰকল্প প্ৰবন্ধক মাধুৰ্য শইকীয়াই।

দ্বিতীয় দিনা পুৱা ১১ বজাৰপৰা চিত্রাংকন প্ৰতিযোগীতাৰ লগতে মহিলা আত্ম সহায়ক গোটৰ মাজত সংগীতত অদৃশ্য চকীৰ খেল,  টেকেলী ভঙা খেল আৰু চামোচ-মাৰ্বলৰ সৈতে দৌৰ আদি থলুৱা খেল-ধেমালী প্ৰতিযোগীতা অনুষ্ঠিত হোৱাৰ পিছত বিয়লি প্ৰতিযোগীতা সমূহৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। 

উল্লেখ্য যে, ভোগালী মেলাখনত মহিলা আত্ম সহায়ক গোট সমূহৰ উৎসাহে অসমীয়া খাদ্য সম্ভাৰ ৰক্ষা কৰাত বৰঙনি যোগাব বুলি সচেতন মহলে শলাগ জনাইছে।