নগাঁওঃ অসমীয়াৰ হিয়াৰ আমঠু, জাতিৰ আৱেগ সুধাকন্ঠ ভূপেন হাজৰিকাক আজি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ স্মৰণ কৰে৷ ভূপেন হাজৰিকাৰ জন্মদিন ৰাজ্যৰ প্ৰতিটো দল-সংগঠন তথা ৰাজ্য চৰকাৰে ধুম-ধামেৰে পালন কৰা দেখা যায়৷

ৰাজ্যৰ বাহিৰতো বিশ্ববিশ্ৰুত শিল্পীগৰাকীক জন্মদিনত বিশেষভাৱে সোঁৱৰণ কৰা হয়৷ কিন্তু নগাঁও জিলাৰ জাজৰিত এখন বিপৰীত ছবি৷  বটদ্ৰৱা সমষ্টিৰ উক্ত অঞ্চলটোত খ্যাতনামা শিল্পীগৰাকীৰ জন্ম দিনত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা ভূপেন হাজৰিকা মুকলি মঞ্চত জুৱা খেলি পাৰ কৰিলে একাংশ যুৱকে৷

বিধায়িকা আঙুৰলতা ডেকাৰ সমষ্টিত একাংশ যুৱকে তাচৰ পাত হাতত লৈ মঞ্চৰ ওপৰত ঘূৰণীয়াকৈ বহি আড্ডা দি চাধা, চিগাৰেট খাই পাৰ কৰিলে সময়৷ অভিনেত্ৰী বিধায়িকাগৰাকীয়ে এই মঞ্চখনত আজি শিল্পীজনক স্মৰণ কৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰিব লাগিছিল৷

কিন্তু ইয়াৰ পৰিৱৰ্তে মঞ্চখনত দিন-দুপৰতে জুৱা খেলি পাৰ কৰিলে দিনটো৷ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ স্মৃতিত বিগত কংগ্ৰেছ চৰকাৰে ২০১৪ চনৰ ৫ ছেপ্তেম্বৰত ৰাজ্যৰ প্ৰতিটো উন্নয়ন খণ্ডত একোখনকৈ ভূপেন হাজৰিকাৰ স্মৃতিত মঞ্চ মুকলি কৰিছিল৷

বটদ্ৰৱা সমষ্টিৰ জাজৰিৰ বগৰিগুৰিতো ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যান উন্মোচন কৰা হৈছিল৷ এম জি এনৰেগা আচঁনিৰ অধীনত ২০১৪-১৫ বৰ্ষত কুৰি লক্ষাধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই মঞ্চখন পৰিত্যক্ত অৱস্থাত দেখা পোৱা যায়৷ আঁচনি অনুসৰি নিৰ্মাণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ নুঠা এই মুকলি মঞ্চ আৰু উদ্যানৰ কেৱল মঞ্চখনহে নিৰ্মাণ হ’ল যদিও চৌহদৰ বেৰ, শিশু উদ্যান আনুষংগিক কাম-কাজ যোৱা তিনি বছৰে সম্পূৰ্ণ হৈ নুঠিল৷

ফলত এৰাবাৰীত পৰিণত হৈ পৰে এই অনুষ্ঠানটো৷ এতিয়া অসামাজিক কাৰ্য-কলাপৰ নিৰ্ভৰযোগ্য স্থান হিচাপে চিহ্নিত হৈ পৰিছে সুধাকণ্ঠ সোঁৱৰণী মঞ্চ৷ এই মঞ্চত নিশাৰ ভাগতো চলে মদ আৰু জুৱাৰ আড্ডা৷ মহান শিল্পীগৰাকীৰ ওপজা দিনটোত এই মঞ্চ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে প্ৰাণময় হৈ পৰিব লাগিছিল যদিও তাৰ বিপৰীতে স্থানীয় কেইজনমান যুৱকে নিৰ্ভয়ে পাতিলে তাচ খেলৰ আড্ডা।

বৰ্তমানৰ পৰিৱৰ্তনকামী চৰকাৰখনে এই অনুষ্ঠানটো সম্পূৰ্ণ কৰি তোলাত গুৰুত্ব প্ৰদান কৰিব লাগিছিল যদিও তেনে কৰাৰ পৰা বিৰত থকাহে দেখা গৈছে৷ আজিকোপতি অসম্পূৰ্ণ হৈ ৰোৱা সুধাকণ্ঠৰ স্মৃতিবিজড়িত মুকলি মঞ্চ আৰু উদ্যানৰ নিৰ্মাণকাৰ্য শীঘ্ৰে সম্পূৰ্ণ কৰি তুলিবলৈ সচেতন মহলে দাবী জনাইছে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনক৷