জাজৰিঃ স্বাধীনতা দিৱসৰ দিনটোত এইবাৰ উত্তৰ জাজৰি উদয়ন যুৱক সংঘই উদয়ন মইনা পাৰিজাতৰ ১৮সংখ্যক বাৰ্ষিক অধিৱেশন আৰু শিশু সমাৰোহৰ আয়োজন কৰে।

পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছতে উদয়ন মইনা পাৰিজাতৰ পতাকা উত্তোলনৰে উত্তৰ জাজৰি প্ৰাথমিক বিদ্যালয়ত এই বিশেষ অনুষ্ঠান আৰম্ভ হয়।

শ্বহীদ তৰ্পন আৰু বৃক্ষ ৰোপণৰ পাছত পুৱা ১০ বজাৰ পৰা মইনা সকলৰ মাজত চিত্রাংকণ, কুইজ আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিয়লি ৪বজাত অনুষ্ঠিত মইনা পাৰিজাতৰ মৌমেলৰ সভাত শংকৰ আজান জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্রী স্বাগতা কুমাৰীয়ে নিৰ্দিষ্ট বক্তা হিচাপে ভাগ লৈ মইনা পাৰিজাতৰ দৰে অনুষ্ঠানে শিশুৰ সুপ্ত প্ৰতিভা বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লয় বুলি মন্তব্য আগবঢ়ায়।

শিশু মইনা শ্ববনা কাকতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মইনা মেলত বহুকেইটা গীত, কবিতা, সাধু, নৃত্য আদি প্ৰদৰ্শিত হয়। ইয়াৰ লগতে অনুষ্ঠানটোত অঞ্চলটোৰ কৃতী ছাত্র-ছাত্রী সকলক আভিনন্দন জনোৱা হয়।

নিশা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ আধাৰত "ঢেকীথোৰা", চুটি সামাজিক নাট "আত্মা" আৰু "ঢকুৱা পুৰাণ" মঞ্চস্থ  কৰে মইনাসকলে।