
জাজৰিঃ সমগ্ৰ দেশৰ প্ৰতিখন জিলাক সামৰি অনুষ্ঠিত হোৱা নিউ ইণ্ডিয়া মন্থনৰ লক্ষ্যৰে 'সংকল্পৰ পৰা সিদ্ধি' শীৰ্ষক অনুষ্ঠান আজি নগাঁৱৰ চিলঙনীৰ কৃষি বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত হয়। যোৱা ১৯ আগষ্টৰ পৰা সমগ্ৰ দেশত আৰম্ভ হোৱা নিউ ইণ্ডিয়া মন্থনৰ ওপৰত ব্যাখ্যা দাঙি ধৰে কেন্দ্ৰটোৰ মূৰব্বী ড০ নিৰঞ্জন ডেকাই।
ৰাজ্যখনত ২০২২ চনৰ ভিতৰত প্ৰতিজন কৃষকৰ আয় দুগুণ বৃদ্ধি সম্পৰ্কত ড০ ডেকাই বিভাগীয়ভাৱে লোৱা ব্যৱস্থাৱলীৰ বিষয়েও বিৱৰণ দাঙি ধৰে। অনুষ্ঠানত কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্রী ৰাজেন গোঁহাই উপস্থিত থাকি 'সংকল্পৰ পৰা সিদ্ধি'ৰ বাবে এক শপত বাক্য পাঠ কৰোৱাৰ লগতে প্ৰধানমন্ত্রীৰ বাৰ্তাও পাঠ কৰে।
আমন্ত্রিত অতিথি হিচাবে ৰাজ্যৰ জলসম্পদ আৰু তথ্য প্ৰযুক্তি মন্ত্রী কেশৱ মহন্ত উপস্থিত থাকি ৰাজ্যখনৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত খাপ খোৱাকৈ আঁচনি প্ৰস্তুতিৰ বিষয়ে গুৰুত্ব দিয়াৰ ওপৰত বক্তব্য ৰাখে।
অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ কমলমল্ল বুজৰবৰুৱা, জিলা উপায়ুক্ত ছমচেৰ সিং, কৃষি প্ৰযুক্তি ব্যৱহাৰিক গৱেষণা প্ৰতিষ্ঠান গুৱাহাটীৰ সঞ্চালক ড০ অৰুণ কুমাৰ ত্রিপাঠী, কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড০ প্ৰদীপ কুমাৰ দাস, নাৱাৰ্ড, লীড বেংকৰ বিষয়া, জিলাখনৰ বিভিন্ন প্ৰান্তৰ কৃষকসকল উপস্থিত থাকে।