নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত জাজৰিত হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা ৰাইজৰ সহযোগত বুধবাৰে ৰূপায়ণ কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী। ৰাইজৰ আবেগ আৰু ইচ্ছাৰ বিৰুদ্ধে গৈ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জাতি-মাটি-ভেটিৰ কথা বিজেপি চৰকাৰৰ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক গৃহীত কৰিবলৈ লোৱা হঠকাৰী সিদ্ধান্তৰ লগতে নলবাৰীত আছু কৰ্মীক কৰা অত্যাচাৰ তথা থানাৰ ভিতৰতে কৰা প্ৰহাৰৰ দৰে ঘটনাক তীব্ৰ বিৰোধিতা কৰি সংগঠনটোৰ সদস্য সকলে জাজৰি বাছ আস্থানত গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী। 

উল্লেখ্য যে, এই কাৰ্যসূচীত সংগঠনটিৰ সদস্যসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগতে এই সমগ্ৰ ঘটনা সম্পর্কত নিমাতি কইনাৰ ভূমিকা পালন কৰি অহা স্থানীয় বিধায়িকা আঙুৰলতা ডেকাৰ পুত্তলিকা দাহ কৰাৰ বিপৰীতে অসম চৰকাৰ হায়-হায়, সৰ্বানন্দ সোনোৱাল, হিমন্ত বিশ্ব শৰ্মা, আঙুৰলতা ডেকা মুৰ্দাবাদ, বিজেপিৰ গুণ্ডামি নচলিব, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, আদি শ্লোগানে পৰিবেশ উত্তাল কৰি তোলে।

কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ তথ্য সম্পাদক নিপন শৰ্মা, হাতীচোং আঞ্চলিক সমিতিৰ সভাপতি কৃতাঞ্জল বৰা, সাধাৰণ সম্পাদক কৃষ্ণমনি বৰাকে প্ৰমুখ্য কৰি শতাধিক আছু  কৰ্মীৰ লগতে ৰাইজে নলবাৰী কাণ্ডৰ লগত জড়িত গুণ্ডা বাহিনীক ধিক্কাৰ দিয়াৰ লগতে দোষীক অতি শীঘ্ৰে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়৷ 

তদুপৰি প্ৰতিবাদকাৰী সকলে ল'ৰা ৰজাৰ দৰে আচৰণ কৰা সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক আৰ এছ এছ আৰু দিল্লীৰ শৰণাপন্ন নহৈ নিজৰ মাতৃভূমিৰ অস্তিত্বৰ হকে চিন্তা কৰি ৰাইজৰ শাৰীত থিয় হৈ প্ৰকৃতাৰ্থত জাতি মাটি ভেটিৰ হকে কাম কৰিবলৈ আহ্বান জনায়৷