
নগাঁওঃ সদৌ অসম গাঁওৰক্ষী বাহিনীৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱসটি বিগত বছৰৰ দৰে বুধবাৰে দিনযোৰা কাৰ্যসূচীৰে নগাঁও জিলাৰ জাজৰি থানা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত জাজৰিত উদযাপন কৰে। পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পন আৰু স্বৰ্গীয় হৰিনাৰায়ন বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা নিবেদনৰ অন্তত ১১ বজাত মুকলি সভা অনুষ্ঠিত হয়।
যজ্ঞ বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু বিগত বছৰৰ থানা সমিতিৰ সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সম্পাদক ৰাহুল দেৱ বৰদলৈয়ে। তাৰ পাছতেই হিচাব পৰীক্ষকে হিচাবৰ প্ৰতিবেদন পাঠ কৰে আৰু সভাই সৰ্বসন্মতভাৱে গ্ৰহন কৰে। সভাত উপস্থিত থকা হাতীচোং জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্যা সীমা ৰেখা ভড়ালী আৰু মাজ জাজৰি গাঁও পঞ্চায়তৰ সভাপতি মিন্তু কোঁৱৰক গামোছা আৰু শৰাইৰে সমৰ্দ্ধনা জনোৱা হয়।
সভাত গাঁওৰক্ষী বাহিনীৰ কৰ্তব্য আৰু দায়ীত্ব সম্পৰ্কত ভাষন ৰাখে চক্ৰ সংগঠক যজ্ঞ বৰা, নৱ নিৰ্বাচিত পঞ্চায়ত সভাপতি মিন্টু কোঁৱৰ, জগত হীৰা আৰু দুলাল বৰাই। এই সভাতে পৰবত্তী পাঁচ বছৰীয়া কাৰ্যকালৰ বাবে যজ্ঞ বৰাক সভাপতি তথা ৰাহুল দেৱ বৰদলৈ আৰু ফনি বৰাক সম্পাদক হিচাপে লৈ জাজৰি থানা গাঁওৰক্ষী বাহিনীৰ সমিতিখন গঠন কৰা হয়। সন্ধ্যা বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ অন্ত পৰে।