জখলাবন্ধাঃ HealthDNA ৰ চেণ্টাৰ মুকলি কৰা হয়। ৰাজ্যখনৰ অন্যতম বাণিজ্যিক মফচলীয়া চহৰ জখলাবন্ধাত বুধবাৰে HealthDNA প্ৰথমটো চেণ্টাৰৰ শুভাৰাম্ভ কৰা হয়৷ 

উজনি আৰু নামনি অসমৰ মধ্যম স্থলত অৱস্থিত জখলাবন্ধাত কালি আৰম্ভ কৰা চেণ্টাৰটোত দেশৰ অন্যতম জনপ্ৰিয় চিকিৎসা প্ৰতিষ্ঠান নাৰায়ণা ছুপিৰস্পিছিয়েলটিয়ে অংশ লয়৷ 

প্ৰায় শতাধিক ৰোগীয়ে অংশগ্ৰহণ কৰা এই কেম্পত সম্পূৰ্ণ বিনামূলীয়াকৈ ৰোগীৰ স্বাস্থ্যপৰীক্ষা কৰা হয়৷ চেণ্টাৰ মুকলিৰ অংশস্বৰূপে কেন্দ্ৰটোৰ তত্বাবধায়ক নাৰী ঐক্যমঞ্চ আৰু HealthDNA কৰ্তৃপক্ষই এই বিনামূলীয়া স্বাস্থ্যশিবিৰ অনুষ্ঠিত কৰে৷ নিজৰ ঠাইতে থাকিয়ে বিশ্বৰ যিকোনো প্ৰান্তৰ চিকিৎসকৰ সেৱা লাভ কৰিব পৰাৰ ব্যৱস্থা যে এই চেণ্টাৰৰ জৰিয়তে লাভ কৰিব সেই বিষয়ে উপস্থিত ৰাইজক অৱগত কৰে HealthDNA ৰ প্ৰজেক্ট হেড মনালিছা গগৈয়ে৷ 

আনহাতে, এই চেণ্টাৰত যে প্ৰায় সকলো ধৰণৰ পৰীক্ষা তুলনামূলকভাৱে কম মূল্যত আৰু কম সময়ত অৰ্থাৎ মাত্ৰ দহ মিনিটৰ ভিতৰত উপলব্ধ কৰাৰ বিষয়ে জনাই জখলাবন্ধা চেণ্টাৰৰ হেড উৎপলা বৰাই৷

উল্লেখযোগ্য যে, তেজপুৰ, বোকাখাত, নগাঁও আদি এক বৃহৎ অঞ্চলক সামৰি লোৱা এই কেন্দ্ৰত সৰ্বাধিক ৰেহাই মূল্যত সমগ্ৰ শৰীৰ পৰীক্ষাৰ ব্যৱস্থা আছে৷ অনুষ্ঠানটোত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিয়ে HealthDNA আৰু নাৰী ঐক্য মঞ্চৰ এই প্ৰচেষ্টাৰ শলাগ লয়৷