জালাহঃ বাক্সা জিলাৰ জালাহ শিক্ষাখণ্ডৰ অন্তৰ্গত জাতীয় বিদ্যালয়, জালাহৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।

বিদ্যালয়খনৰ এঘাৰ বছৰ পূৰ্ণ হোৱা উপলক্ষে এঘাৰখন পতাকা উত্তোলন কৰে ক্ৰমে নিৰঞ্জন দাস, যোগেশ্বৰ নাথ, গিৰিধৰ নাথ, দিপাঙকৰ নাথ, গৌতম নাথ, উমেশ দাস, পদ্মাৱতী দাস, প্ৰীতি ৰাজবংশী, ৰমনী দাস, ৰুমী দাস আৰু চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

লগতে বিদ্যালয়খনৰ প্ৰাচীৰ পত্ৰিকা "অংকুৰণ" উন্মোচন কৰে বিশিষ্ট সমাজসেৱক তথা আম্বেদকাৰ বঁটা প্ৰাপক ৰিংকু দত্তই।

প্ৰতিষ্ঠা দিৱসত নিৰঞ্জন দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে জালাহ ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰসন্ন দাস। মুকলি সভাত বিদ্যালয়ৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হয়।

এই সভাতে বি বি কিষাণ মহাবিদ্যালয়ৰ ছাত্ৰ ৰাহুল দাসে মিমিক্ৰী পৰিৱেশন কৰাৰ লগতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে সমগীত আৰু নৃত্য প্ৰদৰ্শন কৰে।