জালাহঃ 'কবিতাত সাহিত্য, সংস্কৃতি, সমাজ জীৱন, বুৰঞ্জী প্ৰতিফলিত হয়। বিখ্যাত কবি কীটচেও বাৰে বাৰে উজুতি খাই কাব্য ৰচনা কৰিছিল। অথচ সেই উজুটি খাই লিখা কবিতাবোৰেই এতিয়া পাঠকসমাজে হৃদয়ংগম কৰে।' 

চৰ্ণা বজাৰত কিৰণ সাহিত্য মঞ্চৰ উদ্যােগত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত এই বক্তব্য আগবঢ়ায় সোণাপুৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ ৰত্নেশ্বৰ দাসে। বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হৰিনাৰায়ণ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত ললিত কলা নিকেতন বাঘমাৰাই প্ৰকাশ কৰি উলিওৱা তৰুণ কবি নৱজিৎ দাসৰ 'অজান মুলুকৰ নিৰ্জন দ্বীপত' শীৰ্ষক কাব্য গ্ৰন্থখনৰ শুভ উন্মোচন কৰে ভ্ৰাম্যমাণ আৰু অসমীয়া বোলছবি জগতৰ বিশিষ্ট সংগীত পৰিচালক দশৰথ দাসে।

আবেলিৰ সময়ছোৱাত সম্পন্ন সভাখনত বজালীৰ বিশিষ্ট চিত্ৰশিল্পী লক্ষ্মী দাস, লেখক সাংবাদিক নাগেশ্বৰ দাস, বাপুজী কলেজৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ড০ মুনীন শইকীয়া, প্ৰাক্তন কলেজৰ অধ্যাপক সৰ্বানন্দ পাটগিৰি প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। পদুমী দাসৰদ্বাৰা পৰিৱেশিত এটি ভক্তিমূলক সংগীতেৰে সভাৰ সামৰণি পৰে।