
newsnextone.com | মোৰাঝাৰঃ অসমৰ সংখ্যালঘূক লৈ ৰাজনীতি কৰি অহা আজমল পৰিয়াল সঁচাকৈ সংখ্যালঘুৰ ক্ৰাণকৰ্তা নে? সংখ্যালঘুৰ সমস্যাক লৈ তেওঁলোকে মূৰ ঘমাই নে৷ এতিয়া এনেবোৰ প্ৰশ্ন ৰাজ্যৰ সংখ্যালঘূ এলেকাত উত্থাপন হৈ আহিছে৷ আজিও ৰাজ্যৰ সংখ্যালঘূ এলেকাৰ লোকে এটুপি খোৱা পানীৰ পৰা দেহ ঢাকিবলৈ এটুকুৰা বস্ত্ৰ, এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগা হয়৷
ৰাজ্যৰ সংখ্যালঘূ দৰদী বুলি সকলো দলই কয় যদিও সংখ্যালঘূৰ বাবে কামহে কৰা দেখা নাযায়৷ যাৰ বাবে ৰাজ্যৰ সংখ্যালঘূ এলেকা বিভিন্ন সমস্যাৰে জৰ্জৰিত৷ আজিও পৰিয়াল চলাবলৈ সংখ্যালঘূৱে সংগ্ৰাম কৰিব লগা হয়৷ শিক্ষাৰ কথা কলে হয়তো সংখ্যালঘু অঞ্চলত আজিও শতকৰা ১০গৰাকী শিক্ষিত লোক নোলাব৷ স্বাস্থ্য সেৱাৰ নামত সংখ্যালঘু অঞ্চলত কি হৈ আছে সেয়াও নতুনকৈ কোৱাৰ প্ৰয়োজন নাই।
আজিও সংখ্যালঘু অঞ্চলৰ লোকে বেজ, কবিৰাজ আদিৰ কাষ চাপি আহিছে। আনকি খোদ সংখ্যালঘূৰ ক্ৰাণকৰ্তা বুলি দাবী কৰা জনেই বিশাল সভাত ৰাইজক পানী জাৰি দিয়ে৷ ডি-ভোটাৰ, বিদেশী সমস্যা, বান-গৰাখহনীয়া আদি সমস্যাবোৰ আছেই৷
ইয়াৰ লগতে সংখ্যালঘূ এলেকাৰ আটাইতকৈ দুখ লগা প্ৰতিচ্ছবি খন হৈছে বাট-পথৰ। বাৰিষাৰ ৬ মাহ সংখ্যালঘু এলেকাৰ লোকে বোকা-পানীৰ মাজেৰে আহ-যাহ কৰিব লগীয়া হয়৷ কোনো ঠাইত কলৰ ভূঁৰেৰে ৬ মাহ চলিব লগা হয় সংখ্যালঘূ এলেকাৰ লোকে৷ সংখ্যালঘূ ৰাজনীতিৰ হৰ্তা-কৰ্তা বুলি দম্ভালি মাৰি অহা আজমল পৰিয়ালে এনেবোৰ সমস্যাৰ বাবে উদ্বিগ্ন নে৷
বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমল দুই ভাতৃ লোকসভাৰ সাংসদ হোৱাৰ লগতে বদৰুদ্দিন আজমলৰ পুত্ৰ ৯০নং যমুনামুখ বিধান সভা সমষ্টিৰ বিধায়ক৷ কিন্তু ৰাজ্যৰ আন আন ঠাইৰ কথা বাদেই খোদ বৰপেটা-ধুবুৰী, বৰপেটা আৰু ৯০নং যমুনামুখ বিধান সভা সমষ্টিৰ উন্নয়ন আজিলৈ নহ’ল৷ আজমল তনয় আব্দুৰ ৰহিম আজমলে হোজাই জিলাৰ যমুনামুখ সমষ্টিত আজিও নান সমস্যাৰে জৰ্জৰিত৷ বিশুদ্ধ খোৱাপানী, শিক্ষা, স্বাস্থ্য, কৃষি আদিৰ উন্নয়ন কৰিব পৰা নাই৷ আনহাতে আজমল তনয়ে নিজ সমষ্টিৰ বিভিন্ন ঠাই আজিলৈ চিনি নাপায়৷
ইমানে নহয় প্ৰায়ে দিল্লী আৰু ডুবাইত দিন কটোৱা বুলি ৰাইজে অভিোগ উত্থাপন কৰি সমষ্টিৰ ৰাইজৰ সৈতে দালালৰ জৰিয়তে সম্পৰ্ক ৰক্ষা কৰিব বুলি অভিোগ উত্থাপন হয়৷ কেৱল নিৰ্বাচনৰ সময়ত ভোট বিচাৰি আহি জয়ী হোৱাৰ পিছৰ পৰা পুনৰ সমষ্টিলৈ নাহে বুলি আজমলে তনয়ৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে ৰাইজে৷
তাৰ মাজতে ৯০নং যমুনামুখ বিধান সভা সমষ্টিৰ মোৰাঝাৰত পথ মেৰামতিৰ দাবীত ৰাইজে প্ৰতিবাদী সাব্যস্ত কৰে৷ শনিবাৰে পুৱাই ৰাইজ ৰাজপথলৈ ওলাই আহে৷ মোৰাঝাৰ গাঁও পঞ্চায়তৰ পদুমনি বজাৰত হাতাশালী পদুমনি সংলগ্ন পথ মেৰামতিৰ দাবীত অৰ্ধ শতাধিক লোকে বিধায়ক আব্দুৰ ৰহিম আজমল আৰু পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানে দি ক্ষোভ প্ৰকাশ কৰে৷ ৰাইজে শীঘ্ৰে পথ মেৰামতিৰ দাবী জনায়৷ মোৰাঝাৰ গাঁও পঞ্চায়তত কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে৷