গুৱাহাটীঃ প্ৰচাৰ আৰু অপ-প্ৰচাৰৰ মাজত এতিয়া অসম-অসমীয়াৰ জাতি ৰক্ষাৰ আন্দোলন। অসমীয়াৰ গণমতক আওকাণ কৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক মঙলবাৰে লোকসভাত উত্থাপন তথা গৃহীত হ’ল। প্ৰকট হৈ পৰিল ভাৰতীয় জনতা পাৰ্টীৰ স্বৈৰাচাৰী মনোভাৱ।

এই বিধেয়কক ৰুধিবলৈ অসমৰ এশতকৈ অধিক জাতীয়-জনগোষ্ঠীয় তথা সংখ্যালঘু দল-সংগঠনে কৰিব পৰা সকলো গণতান্ত্ৰিক আন্দোলন অসমীয়াই সাব্যস্ত কৰিলে। ধৰ্ণা, অৱস্থান, অনশন, পুত্তলিকা দাহ, ক’লা পতাকা প্ৰদৰ্শন কৰি চৰকাৰক নিজৰ ক্ষোভ অসমীয়াই জনাই দিলে।

আনকি অসমীয়াই চৰম পন্থা লৈ দেশৰ ৰাজধানী দিল্লীত নগ্ন প্ৰতিবাদেৰে অসমৰ সমস্যাক সমগ্ৰ ভাৰতৰে দৃষ্টি আকৰ্ষণ কৰিলে। কিন্তু দুৰ্ভাগ্যৰ কথা এয়ে যে অতি বিশ্বাস আৰু আশাৰে অসমৰ জনতাই শাসনভাৰ প্ৰদান কৰা বি জে পি চৰকাৰখনে দিল্লীৰ জাতিধ্বংসৰ কু-চক্ৰান্ততহে হাত উজান দিলে। 

বিদেশীক অসমত ঠাই নিদিয়াৰ বাবে পণ লৈ অসম আন্দোলনত ৮৫৫ গৰাকী বীৰ ছহিদে প্ৰাণ আহুতি দিয়াৰ বিনিময়ত অসমীয়াই লাভ কৰিলে অসম চুক্তি। কিন্তু এই চুক্তিক নস্যাৎ কৰি মঙলবাৰে কেন্দ্ৰায় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে লোকসভাত উত্থাপন কৰিলে নাগলিকত্ব সংশোধনী বিধেয়কখন।

বিধেয়কখনৰ বিৰোধিতাত জ্বলি উঠা ক্ষোভক প্ৰশমিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব বুলি সদনত প্ৰতিশ্ৰুতি দিলে। বিতৰ্কিত বিধেয়কখন উত্থাপন কৰি ৰাজনাথ সিঙে ঘোষণা কৰিলে যে অতি সোনকালে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ এখন বিধেয়ক উত্থাপন কৰা হ’ব বুলি ক’লে। তেওঁ লগতে কয় যে কেন্দ্ৰীয় কেবিনেটে এই ক্ষেত্ৰত ইতিমধ্যে প্ৰস্তাৱ গ্ৰহণ কৰিছে।

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত জে পি চিয়ে সদনত ইয়াৰ প্ৰতিবেদন দাখিলৰ দিনা হোৱা প্ৰতিবাদৰ জোৱাৰ দেখি নিশ্চুপ হৈ থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ লগে লগে সক্ৰিয় হোৱা দেখা গ’ল। তেওঁলোক দুয়োৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এয়া দৃঢ় পদক্ষেপ বুলি ভুৰি ভুৰি প্ৰশংসা কৰিলে। 

অতি আশ্বৰ্যজনকভাৱে গৃহ মন্ত্ৰীৰ এই 'উত্থাপন কৰা হ’ব' মন্তব্যক লৈ অসমত পৰিকল্পিতভাৱে অপ-প্ৰচাৰ কৰা হ’ল যে এই সংক্ৰান্তীয় বিধেয়ক ইতিমধ্যে সদনত উত্থাপন হ’লেই! গতিকে ছয় জনগোষ্ঠীয়ে এতিয়া জনজাতিৰ মৰ্যাদা পালেই!

অলপ আগুৱাই যদি চিন্তা কৰা যায়, দেখা যাব যে অসমৰ ছয় জনগোষ্ঠীয়ে এই চৰকাৰৰ দিনত জনজাতিৰ মৰ্যাদা পোৱাৰ কোনো সম্ভাৱনা নাই। কাৰণ আজিয়েই শেষ হৈছে লোকসভাৰ শীতকালীন অধিৱেশনৰ ম্যাদ। নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন কৰিবলৈ কাইলৈ এদিনৰ বাৰে ৰাজ্যসভাৰ বৈঠক বৃদ্ধি কৰা হৈছে।

গতিকে এই অধিৱেশনত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কোনো বিধেয়ক গৃহীত হোৱাতো বাদেই, উত্থাপন হোৱাৰো সম্ভাৱনা নাই। অকল সিমানেই নহয়, কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ এইখনেই আছিল সংসদৰ পূৰ্ণাংগ অধিৱেশন। ইয়াৰ পাছত লেখানুদান গৃহীত কৰাবলৈহে এখন অধিৱেশন অনুষ্ঠিত হ’ব। তাত এনেধৰণৰ বিধেয়ক উত্থাপন কৰা নহয়।

আনহাতে, চলিত বছৰৰ মাজ ভাগত অনুষ্ঠিত হ’ব দেশৰ নিৰ্বাচন। সমগ্ৰ দেশতে বি জে পিয়ে যি হাৰত জনপ্ৰিয়তা হেৰুৱাইছে, সেই হিচাপে পৰৱৰ্তী চৰকাৰ কোন দলে গঠন কৰে তাৰো কোনো নিশ্চয়তা নাই। গতিকে ছয় জনগোষ্ঠীয়ে কেতিয়া জনজাতিৰ মৰ্যাদা পায়, সেয়া সুদূৰ পৰাহত।