ওদালগুৰিঃ বড়োলেণ্ড জনজাতি সুৰক্ষা সমিতিৰ সভাপতি জনকলাল বসুমতাৰীৰ আদিবাসী বিৰোধী মন্তব্যৰ বিৰুদ্ধে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ওদালগুৰি আঞ্চলিক সমিতিয়ে।

সংগঠনটোৱে আজি তেওঁলোকৰ কাৰ্যালয়ৰ সন্মুখত বিতৰ্কিত নেতাগৰাকীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰায় অৰ্ধশতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা উক্ত কাৰ্যসূচীত "জনকলাল বসুমতাৰী হায় হায়, আমাক ভূমিপট্টা প্ৰদান কৰক, আদিবাসী সম্প্ৰদায়ক অপমান সহ্য কৰা নহব" ইত্যাদি শ্লোগান প্ৰদান কৰি পৰিৱেশ উত্তাল কৰি তোলে।

উল্লেখ্য যে বসুমতাৰীয়ে আদিবাসীসকলক বৃটিছ চৰকাৰে চাহগছ প্ৰতিপালন কৰাৰ বাবে অসমলৈ আনিছিল বুলি মন্তব্য কৰিছিল। ঝাৰখণ্ড,উৰিষ্যা,মধ্যপ্ৰদেশৰ পৰা অহা এইসকল আদিবাসী লোকে বৰ্তমান বিভিন্ন অৰণ্যৰ মাটি বেদখল কৰি আছে বুলি কৈ আদিবাসীসকল খিলঞ্জীয়া নহয় বুলিও দাবী কৰিছিল জনকলালে। আদিবাসীসকলক ভূমিপট্টা প্ৰদান কৰা অনুচিত বুলিও মন্তব্য কৰিছিল জনকলালে।

বসুমতাৰীৰ এনে মন্তব্যৰ পাছতে জাঙুৰ খাই উঠে চাহ জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠন। ওদালগুৰি আঞ্চলিক আছাই আজি নেতাগৰাকীৰ এনে মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি ভৱিষ্যতে এনে মন্তব্য নকৰিবলৈ সকীয়াই দিয়ে।