
আমগুৰিঃ অসমৰ অন্যতম জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসত মঙলবাৰে জাঁজী গড়মূৰত জাঁজী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু শিৱসাগৰ জিলা সমিতিৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়।
জাঁজীৰ মুক্তিযোদ্ধা প্ৰয়াত বিমল গগৈ সোঁৱৰণী প্ৰেক্ষাগৃহত আজি পুৱা পতাকা উত্তোলন কৰে সংগঠনটোৰ শিৱসাগৰ জিলা সভাপতি দিব্যজ্যোতি দাসে। শ্বহীদ তৰ্পন কৰে শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক গৌতম গগৈয়ে। বৃক্ষৰোপন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি বিপুল শইকীয়াই।
আনহাতে, দিনৰ ভাগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি দিব্যজ্যোতি দাসৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কুল প্ৰসাদ শইকীয়াই। আদিলা কৌচৰ জাহানৰ দেশপ্ৰেমমুলক গীতেৰে আৰম্ভ কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে গৌতম গগৈয়ে৷
অনুষ্ঠানত বিশিষ্ট সাহিত্যিক যোগেশ কিশোৰ ফুকন, জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মানজিৎ গগৈ আৰু সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সভাপতি হিমাদ্ৰিজ্যোতি দত্ত আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে। এই অনুষ্ঠানতে প্ৰজ্বলিতা খনিকৰে সত্ৰীয়া নৃত্য আৰু ঝুমঝুম বৰুৱাই সৃষ্টিশীল নৃত্য প্ৰদৰ্শন কৰে।
উক্ত অনুষ্ঠানত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উপদেষ্টা ক্ৰমে কুশল চেতিয়া, ৰিপনজ্যোতি কোঁৱৰ আৰু উৎপল কোঁৱৰ, মহিলা জাতীয় পৰিষদৰ ৰাজ্যিক উপ-সভানেত্ৰী বৃষ্টিৰাণী শইকীয়া বৰা, সমাজকৰ্মী দিলীপ ঢেকিয়াল ফুকন আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি বিপুল শইকীয়া প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷