নগাঁওঃ নগাঁৱৰ সংগীত শিল্পী মঞ্চৰ উদ্যোগত বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰীকাৰ ৯২ সংখ্যক জন্ম জয়ন্তী উৎসৱটি দুদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে আয়োজনৰ দিহা কৰা হৈছে৷ এই উৎসৱটি নগাঁও চহৰৰ আমোলাপট্টি নাট্য মন্দিৰত অহা ৮ আৰু ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব৷ প্ৰথম দিনা পুৱা ৯ বজাত সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণৰ পিছতে তেখেতৰ 'অসম আমাৰ ৰূপহী গুণৰো নাই শেষ' শীৰ্ষক কালজয়ী গীতটি সমূহীয়াভাৱে পৰিবেশন কৰা হ’ব৷

সন্ধিয়া ৬ বজাত সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হ’ব৷ দ্বিতীয় দিনা বিয়লি ২ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা আৰু সন্ধ্যা ৬ বজাৰ পৰা ব্যতিক্ৰমীৰূপত 'মোৰ গীতৰ হেজাৰ শ্ৰোতা' শীৰ্ষক সুধাকণ্ঠৰ গীতৰ এনিশা অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব৷ এই অনুষ্ঠানত নগাঁৱৰ নবীন-প্ৰবীন শিল্পীসকলৰ লগতে অসমৰ জনপ্ৰিয় শিল্পী জে পি দাস, ৰাজু আনচাৰী আৰু পাপৰি ঠাকুৰীয়াই অংশগ্ৰহণ কৰিব৷

ইফালে, নগাঁও ক্লাবৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ ব্যৱস্থাপনাত অহা ৮ আৰু ১০ ছেপ্টেম্বৰত দুদিনীয়াকৈ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী উৎসৱটি উদযাপনৰ দিহা কৰিছে৷ প্ৰথম দিনা পুৱা নগাঁও ক্লাবত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ পাতনি মেলা হ’ব৷ ইয়াৰ পিছতে ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে ড° হাজৰিকাৰ চিৰসেউজ গীতসমূহ পৰিবেশন কৰা হ’ব৷

সন্ধিয়া ৯২ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা সমূহীয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব৷ দ্বিতীয় দিনা নগাঁও জিলা পুথিভঁৰালত পুৱা ৯ বজাৰ পৰা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ বিয়লি ৪ বজাত সুধাকণ্ঠৰ গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতাৰ লগতে সন্ধ্যা ৭ বজাৰ পৰা সম্বৰ্ধনা আৰু বঁটা বিতৰণী অনুষ্ঠিত হ’ব বুলি উদ্যোক্তসকলে জানিবলৈ দিছে৷