
শিৱসাগৰঃ শিৱসাগৰ জিলাৰ পানবেচা ল'ৰাপোতাৰ শ্ৰীশ্ৰী বাসুদেৱ টকৌবাৰী সত্ৰ কলাকৃষ্টি কেন্দ্ৰত অহা ৩১ চেপ্তেম্বৰ অাৰু ০১ অক্টোবৰত দুদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে চেনিমৰা মহিলা সমিতি অাৰু শিৱসাগৰবাসীৰ সহযোগত শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৬৯তম জন্মোৎসৱৰ অায়োজন কৰিছে।
কাৰ্য্যসুচী অনুসৰি ৩১ চেপ্তেম্বৰত পূৱা ৪-৩০ বজাত উষা কীৰ্ত্তন, ৬ বজাত বন্তি প্ৰজ্বলন, ৬-৩০বজাত ধৰ্মধ্বজা উত্তোলন, ৭বজাত স্মৃতি তৰ্পন, ৭-৩০ বজাত বৃক্ষৰোপন, পুৱা ১০ বজাত অনুষ্ঠিত হ’ব জিলা ভিত্তিত মহিলা দিহানাম প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখন উদ্ধোধন কৰিব গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দিলিপ বুঢ়াগোহাঁইয়ে। পিছৰ দিনাৰ কাৰ্যক্ৰমণিকা অনুসৰি পুৱা পৰিৱেশ নিকাকৰণ অাৰু শৰাই উৰ্চগা পাছতেই অনুষ্ঠিত হব নামপ্ৰসঙ্গ। নামাচাৰ্য্য মৰাণৰ শ্ৰীশ্ৰী জৰাবাৰী সত্ৰ সত্ৰাধিকাৰ নিৰঞ্জণ মহন্ত।
পুৱা ৯ বজাত ৰচনা প্ৰতিযোগিতা উদ্ধোধন কৰিব অসম সত্ৰ মহাসভা পানবেচা অাঞ্চলিকৰ সম্পাদক প্ৰমোদ শইকীয়াই। উক্ত দিনাই দিনৰ ১১ বজাত "সাম্প্ৰতিক কালত শংকৰী কলা কৃষ্টিৰ প্ৰাসঙ্গিকতা" শীৰ্ষক ধৰ্মালোচনী সভাখনৰ লগতে অনুষ্ঠিত হ’ব বঁটাবিতৰণী অনুষ্ঠান।
শিৱসাগৰ জিলা সত্ৰ মহাসভাৰ সভাপতি তুলসী শেনচোৱাই সঞ্চালনা কৰিবলগীয়া এই ধৰ্মালোচনী সভাত শিৱসাগৰ জিলা সত্ৰ মহাসভা সম্পাদক নিৰঞ্জণ মহন্ত, অসম কৃষি বিশ্ব বিদ্যালয়ৰ জেষ্ঠ অধ্যাপক ড° বিপিন খঙীয়া, গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° অৰুন্ধতী মহন্ত, অসম সত্ৰ মহাসভাৰ সাংস্কৃতিক সম্পাদক অজয় বৰুৱা, পানবেচা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰঞ্জিত বৰুৱা, অালোচক মণ্ডলী অাৰু শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপিকা মৃণালী মহন্ত, কৰিমগঞ্জ অাৰক্ষী বিষয়া মিন্টু সন্দিকৈ, ভূৱন চন্দ্ৰ গগৈ বিদ্যালয় প্ৰধান শিক্ষক দিলিপ বড়া, শিৱসাগৰৰ যুৱনাট্যশিল্পী তথা সাংবাদিক প্ৰান্তিক শৰ্মা, তেল অাৰু প্ৰাকৃতিক গেছ অায়োগৰ অভিযন্তা তথা বিশিষ্ট সমাজকৰ্মী কমল বুঢ়াগোহাঁই, প্ৰতাপ বুঢ়াগোহাঁই, বানেশ্বৰ মিলি অাৰু দিলিপ ফুকন অামন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।
সন্ধিয়া ৫ বজাত ঘৰে ঘৰে বন্তি প্ৰজ্বলন অাৰু ৬ বজাৰ পৰা অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠান৷ এই অনুষ্ঠানৰ বিশেষ অাকৰ্ষণ শঙ্কৰ গুৰু সাংস্কৃতিক গোষ্ঠীৰ সহযোগত স্থানীয় শিশুসকলৰ দ্বাৰা মহাৰাসৰ কিয়দাংশ ৰাসলীলা অাৰু চোৰধৰা পিম্পৰা গুচোৱা নাট প্ৰদৰ্শন।
সাংস্কৃতিক অনুষ্ঠানটো উদ্বোধন কৰিব বিশিষ্ট সমাজকৰ্মী ত্ৰিলোচন খঙীয়াই। উক্ত দুয়োদিনৰ সমুহ কায্যসুচীত তথা গুৰুজনাৰ অাৰ্দশক শিৰোগত কৰি জাতি, বৰ্ণ,ধৰ্ম নিৰ্বিশেষে একত্ৰিত হৈ এই অনুষ্ঠাটো সহযোগিতা কৰাৰ লগতে উপস্থিত থাকিবলৈ অাহ্বান জনাইছে উদযাপন সমিতি সভানেত্ৰী ভাৰতী শইকীয়া অাৰু সম্পাদিকা বুলুমনি মহন্তই৷