
কোকৰাঝাৰঃ যোৱা ১৮ ডিচেম্বৰত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ সভাপতি পদৰ পৰা হিতেশ্বৰ বৰ্মনে পদত্যাগ কৰাৰ পিছৰে পৰা জনগোষ্ঠীটোৰ লোকৰ মাজত আজিও চাঞ্চল্য অব্যাহত আছে৷ সংগঠনটোৰ একত্ৰিকৰণৰ অন্তিম মুহূৰ্তত হঠাতে আক্ৰাছুৰ সভাপতিগৰাকীয়ে পদত্যাগ কৰাত আক্ৰাছুকৰ্মীসকল হঠাত ভাগি পৰিছিল৷
পদত্যাগপত্ৰত আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মনে আক্ৰাছুৰ দুয়োটা গোটৰ একত্ৰীকৰণত বিফল হোৱা বাবেই পদত্যাগ কৰা বুলি উল্লেখ কৰিছিল৷ আক্ৰাছুৰ বিভাজিত দুয়োটা গোটে সকলো বাদানুবাদ আৰু অভিযোগ-প্ৰতিঅভিযোগৰ অন্ত পেলাই ৰাইজৰ সিদ্ধান্ত অনুসৰি একত্ৰীকৰণৰ বাবে আগবাঢ়িছে যদিও বাৰে বাৰে উজুটি খােৱা পৰিলক্ষিত হৈছে।
দেওবাৰৰ পৰা কোকৰাঝাৰ জিলাৰ ময়নাৰতলত আক্ৰাছুৰ একত্ৰিকৰণ অধিবেশন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও পুণৰবাৰ পিছুৱাই দিয়া হৈছে আক্ৰাছুৰ একত্ৰিকৰণ অধিবেশন।
একত্ৰিকৰণৰ অধিৱেশন পিছুওৱাৰ পিছত পুণৰাই কোকৰাঝাৰ জিলাৰ ময়নাৰতলত এক বৈঠক অনুষ্ঠিত হয় দেওবাৰে। আক্ৰাছু একত্ৰীকৰন আহ্বায়ক সমিতিৰ তত্বাৱধানত ময়নাৰতলত অনুষ্ঠিত হোৱা উক্ত একত্ৰীকৰন সভাত পুণৰাই আক্ৰাছুৰ বিভাজিত দুয়োটা গোটৰ সভাপতি হিতেশ্বৰ বৰ্মন আৰু প্ৰদীপ ৰায়ৰ উপস্থিতিত সাময়িকভাৱে অধিবেশনখন পিছুৱাই অহা পহিলা বৰ্ষৰ ৭ আৰু ৮ জানুৱাৰীত আক্ৰাছুৰ শ্বহীদ দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷
সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত আক্ৰাছু একত্ৰীকৰন আহ্বায়ক সমিতিৰ মূখ্য সহ আহ্বায়ক ড০ মানিক বৰুৱাই ময়নাৰতলত দেওবাৰৰ পৰা অনুষ্ঠিত হ’ব লগা আক্ৰাছুৰ যৌথ অধিবেশনখন সাময়িকভাৱে পিছুৱাই অহা ৭ আৰু ৮ জানুৱাৰীত পুনৰ অধিবেশনখন পতা হ’ব বুলি জানিবলৈ দি আক্ৰাছু দুয়োটা ফৈদক জাতিৰ স্বাৰ্থত একত্ৰীকৰন কৰাৰ সকলোপক্ষৰ সহযোগিতা কামনা কৰে৷
আক্ৰাছুৰ হিতেশ্বৰ বৰ্মন আৰু প্ৰদীপ ৰায়েও একেখন বিবৃতিত স্বাক্ষৰ কৰি দুয়োটা গোটৰ কাৰ্যনিৰ্বাহক সমিতি আৰু জিলা সমিতিবোৰৰ পূৰ্ন সহযোগিতাত আক্ৰাছু একত্ৰীকৰনৰ মহান অধিবেশনখন সফল কৰি তোলাৰ বাবে সৰ্বসাধাৰন ৰাইজক আহ্বান জনায়৷
অৱশ্যে ময়নাৰতলত আক্ৰাছুৰ একত্ৰীকৰণক প্ৰচেষ্টাত জটিলতা দেখি আক্ৰাছুৰ সভাপতি পদবীৰ পৰা হিতেশ্বৰ বৰ্মনে পদত্যাগ ঘোষণা কৰিলেও কেৱল আক্ৰাছু(হিঃ) গোটৰ বঙাইগাওঁ জিলা সমিতিৰ বাহিৰে এঘাৰখন জিলা সমিতিয়ে আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মনৰ পদত্যাগপত্ৰ গ্ৰহণ নকৰি একত্ৰীকৰন প্ৰক্ৰিয়াক আগবঢ়াই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।
ইফালে আক্ৰাছুৰ হিতেশ্বৰ গোটৰ এচামে আক্ৰাছুৰ একত্ৰীকৰন প্ৰক্ৰিয়াক লৈ হকে বিহকে প্ৰেছ বিবৃতি দি ৰাইজক বিভ্ৰান্তি কৰিবলৈ লোৱা কাৰ্যক গৰিহনা দি এনে কাৰ্যৰ পৰা আঁতৰি থকাৰ আহ্বান জনায়৷