নগাঁওঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে শেহতীয়াভাৱে নগাঁও জিলাটো প্ৰাদুৰ্ভাৱ ঘটিছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ৷ যোৱা মাহৰ পৰাই নগাঁও জিলাত এই ৰোগবিধে দেখা দিছে যদিও এতিয়ালৈকে সংহাৰী ৰূপ ধাৰণ কৰা নাই৷

নগাঁও জিলা স্বাস্থ্য বিভাগৰ এক সূত্ৰৰ মতে, সমগ্ৰ জিলাখনত বৰ্তমানলৈকে শিশুসহ মুঠ নজনকৈ লোক এই ৰোগত আক্ৰান্ত হৈছে ৷ ইয়াৰে ছয়গৰাকী ৰোগী চিকিৎসাৰ অন্তত ইতিমধ্যে সুস্থ হৈ পৰিছে বুলি জানিব পৰা গৈছে৷

ইফালে, ধিঙৰ এক নং গায়ন গাঁৱৰ লোকমান আলী নামৰ ২২ বছৰীয়া যুৱকজন উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিতালত ভৰ্তি কৰোৱাৰ বিপৰীতে নগাঁও চহৰৰ খ্ৰীষ্টানপট্টীৰ বিশাগাংছ টেৰাং নামৰ ৪৩ বছৰীয়া লোকজন এই ৰোগত আক্ৰান্ত হৈ ঘৰতে চিকিৎসাধীন হৈ আছে ৷

আনহাতে,নগাঁও চহৰৰ দাঁতি কাষৰীয়া এক অঞ্চলৰ ৮ বছৰীয়া আনিছ ৰহমান নামৰ শিশুটি নতুনকৈ এই মাৰাত্মক ৰোগবিধত আক্ৰান্ত হোৱাত সম্প্ৰতি গুৱাহাটী মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন হৈ আছে৷

কাজেই, এই ৰোগ বিধ এনেদৰে নগাঁৱত বিয়পি পৰাত সচেতন লোকসকলক চিন্তিত কৰি তুলিছে ৷ কিন্তু এই ৰোগবিধ নিয়ন্ত্ৰণৰ বাবে জিলা স্বাস্থ্য বিভাগে যিদৰে কাৰ্যকৰী পদক্ষেপ হাতত ল’ব লাগিছিল তাক আজিকোপতি গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উঠিছে৷