নগাঁওঃ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ নগাঁও শাখা সমিতিয়ে ষষ্ঠদশ জাতীয় চেতনা দিৱস পালন কৰাৰ প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ নগাঁও জিলা পুথিভৰাঁল প্ৰক্ষাগৃহত অহা ১৯ আৰু ২০ চেপ্তেম্বৰত দুদিনীয়া বিস্তৃত কাৰ্যসুচীৰে অনুষ্ঠিত হ’ব জাতীয় চেতনা দিৱস৷ প্ৰথম দিনা বিয়লি ৫ বজাত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যনিৰ্বাহক সভাখনি অনুষ্ঠিত হ’ব৷

দ্বিতীয় দিনা পুৱা ৮-৪৫ বজাত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভৰাম্ভ কৰাৰ পিচতে বন্তি প্ৰজ্বলন, ছহিদ কনকলতা বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু স্মৃতি তৰ্পন অনুষ্ঠান অনুষ্ঠিত হ’ব৷ পুৱা ১১ বজাত লেখিকা স্বৰ্ণ বৰাৰ পৌৰহিত্যত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত ছহিদ ভোগেশ্বৰী ফুকননীৰ জীয়ৰী তথা মুক্তিযোদ্ধা পেঞ্চনাৰ ৰত্না ফুকন গোহাঁইক প্ৰদান কৰা হ’ব 'ছহিদ কনকলতা বঁটা'৷

সভাৰ পিছতেই অনুষ্ঠিত হ’ব 'জাতীয় চেতনাবোধ-দেশ আৰু জাতিৰ ৰক্ষাকবচ' শীৰ্ষক আলোচনাচক্ৰ৷ আলোচনাচক্ৰত ড০ থুনু কলিতাই সম্পাদনা কৰা এশৰো অধিক লেখিকাৰ লেখনিসমৃদ্ধ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বাৰ্ষিক মুখপত্ৰ 'লেখিকা' উন্মোচন কৰা হ’ব ৷

তদুপৰি লেখিকা দীপা বৰুৱাৰ সম্পাদনাত প্ৰকাশিত প্ৰবন্ধ সংকলন 'চেতনা দিৱসৰ চিন্তন' আৰু 'সুকন্যা' নামৰ এখন গ্ৰন্থকে প্ৰমুখ্য কৰি আন কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হ’ব৷ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ নগাঁও শাখা সমিতিৰ আয়োজন কৰা বিভিন্ন বিষয়ৰ প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ বিতৰণ লগতে বিগত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অসমীয়া বিষয়ত নগাঁও জিলাৰ ভিতৰত সৰ্ব্বোচ্চ নম্বৰ লাভ কৰা পৰীক্ষাৰ্থীক 'হিৰণ্যময়ী দেৱী বিশাৰদ বঁটা' প্ৰদান কৰা হ’ব বুলি উদ্যোক্তাসকলে এক বিবৃতি যোগে জানিবলৈ দিয়ে৷