শিৱসাগৰঃ সোমবাৰে শিৱসাগৰত উপস্থিত হয় অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা। অধ্যক্ষগৰাকীয়ে শিৱসাগৰৰ ঐতিহাসিক কীৰ্তি-চিহ্ন সমূহ পৰিদৰ্শন কৰি ইয়াৰ সামগ্ৰীক পৰিৱেশৰ বুজ লয়৷

ইয়াৰ পূৰ্বেও যোৱা জুন মাহত অধ্যক্ষগৰাকীয়ে শিৱসাগৰত উপস্থিত হৈ শিৱসাগৰৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰিছিল। শিৱসাগৰক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰি বহুকেইটা ন ন পৰিকল্পনা হাতত লোৱাৰ কথা সদৰী কৰে।

অধ্যক্ষজনৰ সৈতে কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ গুৱাহাটী মণ্ডলৰ কে অমৰনাথ ৰামাকৃষ্ণ, ৰাজ্যিক পুৰাতত্ব বিভাগৰ সঞ্চালক দীপিৰেখা কুলি, বিজেপিৰ শিৱসাগৰ জিলা সভাপতি ভবেন্দ্ৰ নাথ মহন, থাওৰাৰ বিধায়ক কুশল দুৱৰী, সোণাৰীৰ বিধায়ক তপন গগৈ আদি বহুকেইজন ব্যক্তিয়ে সংগ দিয়ে।

আশা কৰা হৈছে বৰ্তমান পৰ্যাপ্ত সা-সুবিধা নথকা তথা এলাগী হৈ থকা পৰ্যটনস্থলীসমূহ শীঘ্ৰে পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব।