অনুপৰ হাতত ঝাড়ু

কাজিৰঙাঃ বন্দুক নহয়, এইবাৰ হাতত ঝাডু ললৈ আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই। পত্নীকলৈ কাজিৰঙা পৰিদৰ্শন কৰিব আহি চেতিয়াই এক সমুহীয়া চাফাই অভিযানত অংশগ্ৰহণ কৰে৷ আলফা নেতাগৰাৰীৰ সৈতে বোকাখাত মহকুমাৰ মহকুমাধিপতি, চক্ৰ বিষয়া আৰু ৰাইজেও ঝাডু ধৰি স্বচ্ছ ভাৰত অভিযানত নামিল।

আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত চলি থকা আলোচনাৰ সন্দৰ্ভতো চেতিয়াই মন্তব্য আগবঢ়ালে৷ আলোচনাৰ গতি অধিক ক্ষীপ্ৰ কৰিবলৈ  চৰকাৰে নিয়োগ কৰা দিনেশ্বৰ শৰ্মাই ইতিমধ্যে আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি কয়।

পূৰ্বে আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্থাতাকাৰীৰ ভূমিকা পালন কৰিছিল পি চি হালদাৰে। চেতিয়াই আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে এতিয়ালৈকে সাক্ষাৎ হোৱা নাই যদিও আলোচনা সন্দৰ্ভত যোগাযোগ অব্যাহত আছে বুলি কয়৷