
ডিজিটেল ৰিপ'ৰ্টঃ জিৰাটৰ নামত ৰঙিয়া ৰাজহ চক্ৰত লুণ্ঠন চলোৱা মণ্ডল ভূপেন লহকৰৰ পিছত উক্ত ৰাজহ চক্ৰটোতে সেই সময়ত কৰ্মৰত আন এজন ভূপেন মণ্ডলৰ কু-কীৰ্তিৰ তথ্য শেহতীয়াভাৱে পোহৰলৈ আহিছে। ভূপেন লহকৰৰ সমান্তৰালভাৱে জিৰাটৰ নামত লুণ্ঠন চলোৱা আনজন ভূপেন মণ্ডল হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ ফ’ৰলেন নিৰ্মাণৰ সময়ত পূৱ বড়িগোগ মৌজাৰ ছোটশিল গাঁও এলেকাৰ দায়িত্বত থকা ভূপেন পাঠক।
♦ News Next Oneৰ বাতৰিৰ প্ৰভাৱ
♦ চক্ৰ বিষয়া, মণ্ডলৰ বিৰুদ্ধে ভিজিলেঞ্চৰ কাষ চাপিব স্থানীয় সংগঠনে
লহকৰ উপাধিৰ ভূপেন মণ্ডলৰ দৰেকৈ পাঠক উপাধিৰ ভূপেন মণ্ডলেও কোনো বাচ-বিচাৰ নোহোৱাকৈ এহাত মাটিতে ঘৰ, গছ-গছনি, পুখুৰী খান্দি এক আশ্চৰ্যকৰ অসাধ্য সাধন কৰা দেখা গৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ ফ’ৰলেন নিৰ্মাণৰ সময়ত পূৱ বড়িগোগ মৌজাৰ ছোটশিল গাঁও এলেকাৰ দায়িত্বত থকা এইগৰাকী মণ্ডলে আহমেদ উপাধিৰ এজন লোকৰ খেৰাজ ম্যাদী ৩৪ নং পট্টা আৰু ১৪২ দাগ অংশৰ ১৫৮৪ বৰ্গফুট ভূমিত তাৰ দুগুণতকৈয়ো অধিক (সৰ্বমুঠ ৩৯৯৫ বৰ্গফুট) কেবাটাও ঘৰ সৃষ্টিৰ পিছতো কলম নাসামৰি এফালৰ পৰা কাগজৰ পাততে ৰুই গৈছে নাৰিকল ১০ জোপা, মজগছ ৪জোপা, কঁঠাল ৫ ডাল, মধুৰীআম ২জোপাকে ধৰি ৪২ জোপাকৈ কলগছ। ঠিক একদেৰ তেওঁ কৰবাত কৰবাত আকৌ এনেকৈয়ে কলম চলাই গৈছে যে, মাটিৰ পৰিমাণ উল্লেখ নকৰাকৈয়ে এফালৰ পৰা বান্ধি গৈছে ঘৰ-বস্তি।
CLICK ►জিৰাটৰ নামত ৰঙিয়াত সাউদ-ভূপেনে লুটিলে কেবা কোটি
পূৱ বড়িগোগ মৌজাৰ ছোটশিল গাঁৱৰ ৰহমান উপাধিৰ এগৰাকী লোকৰ খেৰাজ ম্যাদী পট্টা ৩৬ আৰু দাগ নং ১৩৯ৰ মাটিৰ কোনো পৰিমাণ উল্লেখ নকৰাকৈয়ে এফালৰ পৰা ঘৰ, শৌচাগাৰ, স্নানাগাৰ আদি নথিত সুন্দৰভাৱে সজাই গৈছে।
অতি আশ্চৰ্জনকভাৱে মাটিৰ হিচাপবিহীন উক্ত নথিতেই (ফটো তলত সন্নিবিষ্ট কৰা হৈছে) এজন অতিৰিক্ত উপায়ুক্ত, এজন গড়কাপ্তানি বিভাগৰ কনিষ্ঠ অভিযন্তা, গড়কাপ্তানি বিভাগৰেই এজন সহকাৰী কাৰ্যবাহী অভিযন্তাকে ধৰি সেই সময়ত ৰঙিয়া ৰাজহ চক্ৰত কৰ্মৰত এই সমস্ত জিৰাট দুৰ্নীতিৰ মহানায়ক তদানীন্তন চক্ৰ বিষয়া ধীৰাজ সাউদে অনুমোদনৰ স্বাক্ষৰ দি লোকজনক আদায় দিছে সৰ্বমুঠ ৯,৬৩,৬৪৫টকা।
CLICK ►ফ'ৰলেন আশ্চৰ্য, মাত্ৰ ২হাত মাটিত ২০০ জোপা কলগছ
জিৰাটৰ প্ৰতিটো পাতে পাতে সন্নিবিষ্ট অজস্ৰ অনিয়মত বৈধতাৰ ছীল-মোহৰ লগোৱা এইজন তদানীন্তন চক্ৰ বিষয়া অসম সচিবালয়ত সোণোৱাল চৰকাৰৰ স্বচ্ছ নিকা প্ৰশাসনৰ এগৰাকী দায়িত্বশীল বিষয়া। ৰঙিয়া ৰাজহ চক্ৰত অজস্ৰ দুৰ্নীতি সংঘটিত কৰি সেই সময়ৰ দুৰ্নীতিৰ মহানায়কজনে কেতিয়া কেনেদৰে নিজকে শুদ্ধিকৰণ কৰি সোণোৱাল নেতৃত্বাধীন স্বচ্ছ নিকা প্ৰশাসনৰ অংশীদাৰ হ’ল সেয়া এক লাখটকীয়া প্ৰশ্ন।
জিৰাট কেলেংকাৰীৰ আন এক খলনায়ক ভৱেশ দাস মণ্ডলৰ শেহতীয়া আন কিছু তথ্যও আমাৰ হাতত আহি পৰিছে। ৰঙিয়া ৰাজহ চক্ৰৰ উদীয়ানা গাঁৱৰ কলিতা উপাধিৰ নিঃ খেৰাজ ১৫২ নং পট্টাৰ ৭৯৮ নং দাগৰ অংশত ১২৯৬ বৰ্গফুট মাটিতে গঢ়িছে ১৫৩২ বৰ্গফুটৰ ঘৰ। ইয়াৰ লগতে কলগছ, নাৰিকল গছকে আদি কৰি আন কেবাবিধো গছ আছে উক্তভূমি খণ্ডত।
CLICK ► কামৰূপৰ জিৰাট পুৰাণ! ভয়ত কঁপিছে মণ্ডল-বিষয়া
অসাধ্যকো সাধন কৰা এই ভৱেশ দাস, ভূপেন মণ্ডলতে এই অধ্যয়ৰ যতি পৰা নাই। ফণীদৰ দাস, ছফিকুল মণ্ডল, নাৰায়ণ কলিতা মণ্ডল, বসুমতাৰী আদি বহুকেইজন যাদুদণ্ড থকা মণ্ডল তথা তদানীন্তন চক্ৰ বিষয়া ধীৰাজ সাউদে মিলি ৰঙিয়াৰ ইতিহাসত সৰ্ববৃহৎ এই জিৰাট কেলেংকাৰী সংঘটিত কৰা বুলি ৰাইজে এতিয়া মুকলিভাৱে আলোচনা কৰা পৰিলক্ষিত হৈছে।
ইপিনে, News Next Oneত এই ৰহস্য ফাদিল হোৱাৰ পিছতে এটা পক্ষই মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ ওচৰ চাপিবলৈ যো-জা চলোৱা বুলি জানিব পৰা গৈছে।