ডিব্ৰুগড়ঃ সুদীৰ্ঘ সময় হাতত AK-47 লৈ হাবি-জংঘলে ঘূৰি বিদ্ৰোহ কৰা জীতেন দত্তই এইবাৰ নিজ পৰিকল্পনাৰে গীত নিৰ্মাণ কৰি জাতীয়তাবাদৰ ভেটি সুদৃঢ় কৰাৰ চেষ্টা চলাইছে৷ চেনেহৰ অসমখনৰ জাতীয়তাবাদ টনকিয়াল কৰাৰ তাগিদাত অালোচনাপন্থী অালফা নেতা জীতেন দত্তই নিজাববীয়া প্ৰযোজনা অাৰু পৰিকল্পনাৰে ৮টাকৈ গীত বাণীৱদ্ধ কৰি শনিবাৰে মুকলি কৰে৷

জাতি-মাটিৰ গোন্ধ থকা ৮টা গীতৰে মুক্তি দিয়া অডিঅ’ কেছেটটোৰ দত্তই নাম দিছে ‘অাই’৷ শনিবাৰে ‘আই’ উন্মোচন কৰে সংযুক্ত মুক্তি বাহিনীৰ সাধাৰণ সাম্পাদক অনুপ চেতিয়াই৷ শনিবাৰে যোৰহাট জিলা পুথিভৰালত ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত মত-বিনিময় অনুষ্ঠানত বিশিষ্ট চিন্তাবিদ অদীপ ফুকন, বিশিষ্ট সাংবাদিক মনজিৎ মহন্ত, জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান, অালফা নেতা প্ৰবাল নেওঁগে জীতেন দত্তৰ উপস্থিতিত উন্মোচন কৰা 'আই' নামৰ কেছেটখনৰ গীতত কণ্ঠদান কৰিছে ৰাজীৱ শদিয়া অাৰু হৃতিস্মান দত্তই।

'আই' উন্মোচন কৰি আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই ৰাজীৱ শদিয়া আৰু হৃতিস্মান দত্তক কৃতজ্ঞতা জ্ঞাপন কৰে। ৮টা গীতত চিলাপথাৰ কাণ্ড, নগাঁও কাণ্ড, বাংলাদেশী সমস্যা, দিল্লীৰ বঞ্চনাৰ স্পষ্ট ছবিখন ফুটি উঠিছে৷ অসমীয়াৰ জাতীৰ এখন জীয়া প্ৰতিচ্ছবি ফুটি উঠিছে গীতকেইটাত৷ এইখন অসমত অ' ককাই, অাই মাতৃ, বন্ধু অাৰু বৰ লুইত শীৰ্ষক গীত কেইটা ৰাজ্যৰ যুৱপ্ৰজন্মই আকোৱালি লোৱা পৰিলক্ষিত হৈছে৷

জাতীয়তাবাদী তথা ৰাজ্যৰ সকলো জাতি-জনগোষ্ঠীৰ লোকক গীতকেইটা শুনিবলৈ অনুৰোধ জনাই অালফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ লগতে কন্ঠশিল্পী ৰাজীৱ শদিয়া অাৰু হৃতিস্মান দত্তই৷ মটক জনগোষ্ঠীক নেতৃত্ব দি অহা মটক যুৱ-ছাত্র পৰিষদে কন্ঠশিল্পী ৰাজীৱ শদিয়াক বিপ্লৱী শিল্পী বটাঁ’ প্ৰদান কৰিব বুলি ঘোষণা কৰে৷ জাতি, মাটি তথা আপোন মানুহৰ কথাৰে গীত গাই জাতীয়তাবাদ ধৰি ৰাখিবলৈ  আৰু স্বদেশ প্ৰেম জগাই তোলাৰ অপ্ৰাণ চেষ্টা কৰা কণ্ঠশিল্পী ৰাজীৱ শদিয়া আৰু হৃতিস্মান দত্তক ৰাজ্যৰ কবাটাও দল-সংগঠনে শুভকামনা জনাইছে।