
বেতবাৰীঃ শুকুৰবাৰে আলোচনাপন্থী আলফাৰ এটা দল অসম-নাগালেণ্ড সীমান্তৰ গেলেকিত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ কেইবাজনো সতীৰ্থৰ সৈতে নাগালেণ্ড সীমান্তত উপস্থিত হৈ আলফাৰ দলটোৱে প্ৰথমে নগা আৰক্ষীৰ পৰীক্ষণ চকীত নগা আৰক্ষীৰ সৈতে মুখামুখী হয়৷ নগা আৰক্ষীক ৰোনোবাই কোন আহিছে বুলি কলে আলফাৰ দল অহা বুলি কবলৈ কয়৷
তেও কয় "আলফাৰ মানুহ অহা বুলি কবি৷ আমি ৰিলেছন বনাবৰ নিমিত্তে আহিছে৷ কাজিয়া কৰিব ধমকি দিয়াৰ নিমিত্তে অহা নাই দেই৷ নৰ্থ ইষ্ট ভাই ভাই আছে৷ নগা আৰক্ষীক এনেদৰে বুজালে আলফা নেতা জিতেন দত্তই"৷ শুকুৰবাৰে অসম-নাগালেণ্ড সীমান্তৰ গেলেকি ভ্ৰমণ কৰি ভ্ৰমণৰ অন্তত জিতেন দত্তই নগাৰ সৈতে মিলি জুলি ভাতৃত্ব বোধেৰে থকাৰ কথা ঘোষণা কৰে৷
জোৰ জবৰদস্তি কৰিলে, শক্তিশালী প্ৰতিৰোধ হ’ব বুলি কয়৷ নগা ফেৰ্মৱৰ্ক চুক্তিৰ বিৰোধিতা কৰি অসমৰ অসম উত্তাল হৈ থকাৰ সময়তে আলোচনা পন্থী আলফা নেতা জিতেন দত্ত, প্ৰৱাল নেওগ, অন্তু চাউদাঙৰ নেতৃত্বত যুদ্ধ বিৰতি আলফাৰ এটি দল গৈ অসম-নাগালেণ্ড সীমান্তবৰ্তী শিৱসাগৰ জিলাৰ গেলেকী বনাঞ্চলত উপস্থিত হয়। দুইখন ৰাজ্যৰ শান্তি-সম্প্ৰীতি যাতে বিঘ্নিত নহয়, তাৰ বাবে গেলেকী বনাঞ্চলত উপস্থিত হৈ দুই ৰাজ্যৰ সীমান্তবৰ্তী গাঁৱৰ ৰাইজক লগত লৈ আলোচনাৰ পোষকতা কৰে আলোচনাপন্থী আলফা নেতা জিতেন দত্তই।
সীমান্ত পৰিদৰ্শন কৰিবলৈ আলোচনাপন্থী আলফা দলটোৰ সৈতে সহযোগ কৰে বীৰ লাচিত সেনা আৰু অসমৰ সুৰক্ষা সেনাৰ শতাধিক সদস্য আৰু স্থানীয় যুৱক। সংবাদ মাধ্যমৰ সন্মুখত আলফা নেতা জিতেন দত্তই কয় যে "আমি দীৰ্ঘ দিন ধৰি নগাৰ সৈতে শান্তিপূৰ্ণভাৱে আছো৷ পাহাৰৰ পৰা নগা জনগণৰ আমাৰ ভৈয়ামলৈ আহিছে আৰু আমাৰ ভৈয়ামৰ পৰাও মানুহ পাহাৰলৈ অহা-যোৱা কৰে৷ ভাতৃত্ব বোধেৰে জীয়াই থাকিম৷ বুজাবুজিৰে সমাধান কৰিম"৷