
গুৱাহাটীঃ বিশিষ্ট চিন্তাবিদ অধ্যাপক ডঃ হীৰেন গোহাঁইৰ লগতে সাংবাদিক মনজিৎ মহন্ত আৰু সমাজকৰ্মী অখিল গগৈৰ বিৰুদ্ধে চৰকাৰে ৰুজু কৰা দেশদ্ৰোহিতাৰ গোচৰ সৰ্বভাৰতীয় পৰ্যায়ত নিন্দিত হৈছে৷
ডঃ গোহাঁইৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশিষ্ট চিন্তাবিদ তথা ‘স্বৰাজ ইণ্ডিয়া’ৰ নেতা অধ্যাপক যোগেন্দ্ৰ যাদৱে৷ তেওঁ কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে ভৰতৰ নাগৰিকক হিন্দু আৰু মুছলমান হিচাপে ভাগ ভাগ কৰাৰ চেষ্টা কৰা হৈছে আৰু ইয়াৰ জৰিয়তে দেশক প্ৰৱঞ্চনা কৰা হৈছে, অসমক প্ৰৱঞ্চনা কৰা হৈছে৷ তাতোকৈও ডাঙৰ কথাটো হ’ল, যি অসম চুক্তিৰ জৰিয়তে অসমবাসীক প্ৰতিশ্ৰুতি দিয়া হৈছিল, তাকো নগৰিকত্ব সংশোধনীৰ জৰিয়তে প্ৰৱঞ্চনা কৰা হৈছে৷
সেয়ে এই নাগৰিকত্ব সংশোধনী বিধেয়কক বিৰোধ কৰাসকল দেশদ্ৰোহী নহয়, তেওঁলোক প্ৰকৃত দেশপ্ৰেমিক৷ ইয়াৰ বিপৰীতে এই বিধেয়ক অনাসকলহে দেশদ্ৰোহী৷ লজ্জাজনক এয়ে যে এই বিধেয়কক লোকসভাত গৃহীত কৰোৱা হ’ল৷
ডঃ হীৰেন গোহাঁই বা অখিল গগৈ যদি এই কাৰণে দেশদ্ৰোহী হয়, তেন্তে যোগেন্দ্ৰ যাদৱেও নিজকে দেশদ্ৰোহী বুলি প্ৰকাশ কৰে৷ ডঃ গোহাঁইৰ লগত তেৱোঁ কাৰাগাৰত থকিবলৈ ভাল পাব বুলি দোহাৰে৷
এক ভিডিঅ’ বাৰ্তাত তেওঁ অসমৰ সৈতে তেওঁৰ যোৱা ২০ বছৰে থকা সম্পৰ্কক সোঁৱৰি কয় যে তেওঁ ডিঙিত আঁৰি ফুৰা গামোচাখন কোনো পাৰিবাৰিক সম্পৰ্কৰ বাবে নহয়, অসমৰ সৈতে তেওঁৰ থকা আত্মিক সম্পৰ্কৰ বাবেহে তেওঁ গামোচা লয়৷
তেওঁ কয়, ‘অসমীয়াৰ অতি আদৰৰ এই গামোচা আৰু ত্ৰিৰংগাৰ মাজত এক অবিচ্ছিন্ন সম্পৰ্ক আছে আৰু কোনো শক্তিয়ে গামোচা আৰু জাতীয় পতাকাৰ মাজত থকা সম্পৰ্কক ছিন্ন কৰিব নোৱাৰে৷’