হোজাইঃ সোমবাৰে পুৱাৰে পৰা হোজাই জিলাৰ যমুনামুখত বেংকত গ্ৰাহকৰ ব্যাপক ভিৰ কৰা পৰলক্ষিত হয়৷ জানিব পৰা মতে, হোজাই জিলাৰ যমুনামুখ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পুৰুষ মহিলাই ঘৰৰ পৰা ওলাই আহি বেংকত ভিৰ কৰে৷ শ-শ লোকে পুৱাৰে পৰা বেংকৰ পৰা একাউন্টৰ ধন উলিয়াবলৈ আহে৷ হঠাৎ দৌৰা দৌৰিকে লোকসকলে এনেদৰে ওলাই অহাত কৌতুহলৰ সৃষ্টি হয় যমুনামুখত৷

ইউনাইটেড বেংকৰ যমুনামুখ শাখাত ভি কৰা গ্ৰাহকসকলে জন ধন যোজনাৰ একাউন্টৰ পৰা চৰকাৰে সোমাই দিয়া টকা উলিয়াবলৈ আহে৷ খবৰ প্ৰচাৰ হোৱা মতে, চৰকাৰে জন ধন যোজনাৰ বেংক একাউন্টত পইচা ভৰাই দিছে৷ এই খবৰ যমুনামুখৰ বনজুইৰ দৰে বিয়পি পৰাত বেংকলৈ ঢাপলি মেলে একাশং লোক৷ সকলোৱে নিজৰ নিজৰ একাউন্ট আপডেট কৰিবলৈ বেংকৰ ভিতৰে বাহিৰে লাইনত থিয় দিয়ে৷

পাচবুক আপডেট কৰাৰ অন্তত একাংশ গ্ৰাহকৰ একাউন্টত টকা প্ৰকৃততে টকা জমা হোৱা পৰিলক্ষিত হয়৷ কাৰাবাৰ দহ হাজাৰ, কাৰোবাৰ একাউন্টত সাত হাজাৰ টকা জমা হয়৷ নিজৰ শূন্য জমা একাউন্টত টকা জমা হোৱাত উৎফুল্লিত হৈ পৰে একাংশ গ্ৰাহক৷ এই টকা কৰ পৰা সোমাল তাক লৈ সৃষ্টি হয় ৰহস্যৰ৷

খোদ বেংক কৰ্তৃপক্ষইয়ো নাজানে বিতং কথা৷ বেংকৰ প্ৰৱন্ধক আৰু উপ-প্ৰৱন্ধকে জনোৱা মতে, এই টকাখিনি কেৱল জন ধন যোজনাৰ একাউন্টতে হে সোমাইছে৷ কৰ পৰা কোনে দিছে এই টকা নাজানে বেংক প্ৰৱন্ধকগৰাকীয়ে৷ এতিয়া প্ৰশ্ন হয় এই টকা জমা হ’ল কৰ পৰা? একাংশৰ মতে এই টকা মোডীয়ে দিছে৷ কিয়নো কেৱল জন ধন একাউন্টতহে সোমাইছে ধন৷ কাৰোবাৰ মতে, এয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে টোপ দিছে চৰকাৰে৷