যোৰহাটঃ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি নেতৃত্বাধীন যোৰহাট পৌৰসভাত অবশেষত আৰম্ভ হল বিসম্বাদ। দায়িত্ব লোৱাৰে পৰা যোৰহাটবাসীৰ আশা আকাংক্ষা পূৰণত ব্যৰ্থ হোৱা পৌৰসভাখনৰ সভানেত্ৰী অৰুণা দত্তই অৱশেষত পদত্যাগ কৰিবলৈ বাধ্য হয়। 

ইয়াৰ লগে লগে পৌৰসভাখনৰ প্ৰকৃত অবস্থা  পোহৰলৈ অহাৰ লগতে ক্ষমতাৰ বাবে পৌৰসভাখনত চলা লবীকেন্দ্ৰিক ৰাজনীতৰ কথা পোহৰলৈ আহিল। কিয়নো অদক্ষ পৌৰসভাখনৰ সভানেত্ৰীগৰাকীয়ে কাম কৰিব নোৱাৰাৰ বাবে নহয় বৰঞ্চ ক্ষমতাৰ বাবে দলৰেই একাংশই কৰা লবী ৰাজনীতিৰ বাবেহে পদত্যাগ কৰিবলৈ বাধ্য হয়। 

ইতিমধ্যে পোহৰলৈ অহা তথ্য মতে অৰুণা দত্ত বিধায়কৰ লবীৰ হোৱা বাবে সাংসদ আৰু জিলা বিজেপিৰ সভাপতিৰ লবীটোৱে তেওঁক অপসাৰণৰ বাবে প্ৰস্ততি চলাইছিল। এই গোটটোৱে আনকি ৰাজ্যিক বিজেপিৰ সভাপতিকো অভিযোগ দিছিল।

বিশেষকৈ সভানেত্ৰীগৰাকীৰ অনভিজ্ঞতাৰ সুযোগ লৈ একাংশ পৌৰ সদস্যই ঠিকাদাৰৰ ভূমিকাত অৱৰ্তীণ হোৱাৰ বিৰূদ্ধে শেহতীয়াকৈ পৌৰসভাখনত অচলাৱস্থাৰ সৃষ্টি হোৱাৰ লগতে ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উঠিছিল। গোল্ড চিনেমা হ'ল নিৰ্মাণক লৈও বিতৰ্কৰ মাজত সোমাই পৰিছিল পৌৰসভাৰ সভানেত্ৰীগৰাকী। এনে সময়তে সভানেত্ৰীগৰাকীয়ে পদত্যাগ কৰাত ব্যাপক তাৎপৰ্য্য বহন কৰিছে।

কিয়নো জিলা উপায়ুক্তক পদত্যাগ পত্ৰ দাখিল কৰা সময়ত লগত আছিল চাৰিজনকৈ কংগ্ৰেছী পৌৰ সদস্য। এনে অৱস্থাত অৰুণা দত্তই কংগ্ৰেছত যোগদান কৰিব নেকি তাক লৈ চৰ্চা হৈছে। উল্লেখ্য যে যোৰহাট পৌৰসভাত বৰ্তমান বিজেপিৰ ১২ জন আৰু কংগ্ৰেছৰ ৭ জন সদস্য আছে।