10
Jun
2018

newsnextone.com | যোৰহাটঃ কাৰ্বি আংলঙৰ ডকমকাত উৰা বাতৰিত প্ৰতিয়ন গৈ এচাম দুষ্কৃতিকাৰীয়ে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক অতি নৃশংসভাৱে হত্যা কৰা ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে যোৰহাটৰ কেইবাটাও সংগঠনে। ডকমকাৰ হত্যাকাণ্ডক অতি নিন্দনীয় আৰু সমাজৰ বাবে চৰম লজ্জাজনক ঘটনা বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে সংগঠনসমূহে৷
দুষ্কৃতিকাৰীৰ হাতত নিহত যুৱকদ্বয়ৰ পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰি ছচিয়েল মিডিয়া যোগে চলোৱা অপপ্ৰচাৰক ভোল নাযাবলৈ আহ্বান জনায়৷ যোৰহাট মম জ্বলাই উলিওৱা সমদলত কেইবাটাও সংগঠনে অংশ লয়।