file photo
file photo

গুৱাহাটীঃ সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত অসম বিধান সভাৰ অধ্যক্ষই ঘোষণা কৰি কলে অসম মহিলা বিশ্ববিদ্যালয়ৰ স্বীকৃতি বাতিল নহয় অক্ষুন্ন থাকিব৷ 

কংগ্ৰেছ বিধায়ক প্ৰতিদিনে সদনৰ মজিয়া উত্তাল কিৰ ৰখাৰ সময়তে ৰাজ্য চৰকাৰ অস্বস্তিত পৰি অৱশেষত বিধান সভাৰ অধ্যক্ষৰ জৰিয়তে কবলৈ বাধ্য হ’ল অসম মহিলা বিশ্ববিদ্যালয়ৰ স্বীকৃতি অক্ষুন্ন থাকিব বুলি৷ কংগ্ৰেছৰ প্ৰতিবাদৰ পিছত অধ্যক্ষই সদনত ঘোষণা কৰে৷ 

আছুকে ধৰি কেইবাটাও সংগঠনে বিশ্ববিদ্যালয়খন বন্ধ নকৰিবলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ বেটী পঢ়াও বেটী বচাও শ্ল’গান দিয়া বিজেপি দলৰ চৰকাৰে এখন নাৰী শিক্ষানুষ্ঠান বন্ধ কৰিব খোজাত জাঙুৰ খাই উঠিছিল অসমৰ ৰাইজ৷ উজনি-নামনিৰ লোকে নাৰী উচ্চ শিক্ষানুষ্ঠানখন বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে৷

এইবাৰ নাৰী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰি তাৰ ঠাইত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান ৰূপে গঢ় দিয়াৰ বাবে উঠিপৰি লাগিছে চৰকাৰ৷ এই সিদ্ধান্তৰ বিৰুদ্ধে অসমৰ ৰাইজ সোচ্চাৰ হৈ প্ৰতিবাদৰ জোৱাৰ আৰম্ভ হৈছিল ৰাজ্যত৷