নগাঁওঃ বিশিষ্ট সাংবাদিক, সমাজকৰ্মী নগাঁৱৰ আমোলাপট্টিৰ নিবাসী বলেন বৰা আৰু নাই৷ নগাঁৱৰ আমোলাপট্টিৰ নিজ গৃহত মৃত্যুক আকোৱালি লয় বৰাই৷

‘দৈনিক অসম’ বাতৰি কাকতৰ সাংবাদিক বৰাই দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল৷ আপকুৰ নগাঁও জিলা সমিতিৰ সভাপতি, নগাঁৱৰ জনপ্ৰিয় সাপ্তাহিক কাকত "কলংপাৰ"ৰ সম্পাদক বলেন বৰাৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ পৰে।

সোমবাৰে দুপৰীয়া ৫৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাংবাদিকগৰাকীয়ে। মৃত্যুৰ আগমুহূৰ্তলৈ নগাঁৱৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতেও জড়িত আছিল সাংবাদিকগৰাকীয়ে।