ৰঙিয়াঃ ৰাজ্যৰ প্ৰতিটো সমস্যা তথা চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সততে সক্ৰিয় হৈ থকা সাংবাদিক, বুদ্ধিজীৱি হাইদৰ হুছেইন আজি এখন সভাত হঠাৎ ঢলি পৰাত হৈ চৈ লাগে৷

জানিব পৰা মতে, বুদ্ধিজীৱি, জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে ৰঙিয়াৰ এখন সভাত ভাষণৰত অৱস্থাতে হঠাৎ অসুস্থ হৈ ঢলি পৰে৷ ৰঙিয়াৰ উদয়ন সংঘৰ প্ৰতিষ্ঠা দিৱসত অতিথি হিচাপে উপস্থিত আছিল হাইদৰ হুছেইন।

উদয়ন সংঘৰ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত ভাষণৰত অৱস্থাতে ঢলি পৰে সাংবাদিকগৰাকী। ততাতৈয়াকৈ ৰঙিয়াৰ ব্যক্তিগত নাাৰ্ছিং হোমত অসুস্থ হুছেইনক ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰে।