পাঞ্জাবাৰী/কাজিৰঙাঃ উত্তৰ-পূব ভাৰতৰ সকলোতকৈ পুৰণি ব্যক্তিগত খণ্ডৰ চেটেলাইট নিউজ চেনেল প্ৰাগ নিউজ চেনেলত বিশ্বৰ ভিন্ন প্ৰান্তৰ আজৱ খবৰ দেখুৱাই জনপ্ৰিয় হৈ পৰা সাংবাদিক ৰীমা শৰ্মাৰ মৃত্যুত ৰাজ্যৰ দল-সংগঠন, সংবাদ প্ৰতিষ্ঠান, সাংবাদিকৰ সংগঠনে শোক প্ৰকাশ কৰে৷

আজৱ খবৰ প্ৰচাৰ কৰি জনপ্ৰিয় হৈ পৰা ৰীমা শৰ্মাই নিয়তিৰ ওচৰত হাৰ মানে শনিবাৰে নিশা। মহানগৰীত এক পথ দুৰ্ঘটনাত পতিত হৈ ৰীমাই অকালতে প্ৰাণ হেৰুৱায়। সাংবাদিক ৰীমা শৰ্মাৰ অকাল মৃত্যুত অসমৰ সংবাদজগতত শোকৰ ছাঁ পৰে।

ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ ম্ৰিয়মাণ হৈ পৰে সংবাদ জগতৰ সৈতো জড়িত লোকসকল৷ মহানগৰীৰ বশিষ্ঠ প্ৰেছ ক্লাৱে ৰীমা শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে বশিষ্ঠ প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক দীপাংকৰ দাসে৷ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ট্ৰাকখন এই পৰ্যন্ত মহানগৰ আৰক্ষীয়ে জব্দ কৰিব নোৱাৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে বশিষ্ঠ প্ৰেছ ক্লাবে।

শনিবাৰে নিশা দুৰ্ঘটনা সংঘটিত হোৱা ব্যস্ত পথটোত চিচিটিভি বিকল হৈ থকা কাৰ্যকো গৰিহণা দিয়ে ক্লাৱটোৱে৷ সাংবাদিক ৰীমা শৰ্মাৰ অকাল বিয়োগত কাজিৰঙা জাৰ্ণেলিষ্ট এছোছিচিয়েচন, আটছাৰ বোকাখাত শাখা, গোলাঘাট প্ৰেছ ক্লাব ,অগপৰ বোকাখাত জিলা সমিতি আৰু চিত্ৰশিল্পৰ অগ্ৰণী সংগঠন বাটৰ কেনভাচ অসমে গভীৰ শোক প্ৰকাশ কৰে।

আনহাতে আজি দুপৰীয়া গুৱাহাটী প্ৰেছ ক্লাৱলৈ নিয়া হয় ৰীমাৰ মৃতদেহ৷ প্ৰেছ ক্লাৱত কেইবাটাও দল-সংগঠন তথা সাংবাদিকসকলে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷ প্ৰাগ নিউজ চেনেল পৰিয়ালেও ।ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰীমা শৰ্মাৰ পৰিয়ালক ২ লাখ টকাৰ সাহায্য দিয়াৰ কথা ঘোষণা কৰে৷ মহানগৰীৰ দিছ্পুৰ প্ৰেছ ক্লাৱত United Television Media Association(UTMA)ৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। বহু সাংবাদিক উপস্থিত থাকি ৰীমাৰ আত্মাৰ সদ্গতি কামনি কৰি বন্তী প্ৰজল্বন কৰে।

শনিবাৰে মহানগৰীৰ এবিচি তথা শ্ৰীমন্ত শংকৰদেৱ পথত এখন তীব্ৰ বেগি ট্ৰাকে মহটিয়াই নিয়াৰ ফলত অকাল মৃত্যুক আঁকোৱালি লয় সাংবাদিকগৰাকীয়ে। একেই নিশা আন এটা ব্যক্তিগত নিউজ চেনেল নিউজ লাইভৰ সাংবাদিক বিমান কলিতাক মহানগৰীৰ ধীৰেনপাৰাত চুৰিকাঘাট কৰা ঘটনাকো গৰিহণা দিয়ে ৰাজ্যৰ দল-সংগঠন তথা সাংবাদিকৰ সংগঠন সমূহে৷

সাংবাদিক আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত গৌতম মণ্ডল নামৰ লোকজনক কঠোৰ শাস্তি বিহাৰ দাবী জনায় ৰাজ্যৰ সাংবাদিকৰ সংগঠসমূহে৷ সাংবাদিকৰ জীৱনৰ সুৰক্ষা প্ৰদান কৰাৰ বাবে চৰকাৰক দাবী জনায় ৰাজ্যৰ বহু সাংবাদিক সংগঠনে।