
খেৰণিঃ বুধবাৰে সদৌ অসম সাংবাদিক সন্থাৰ এটি প্ৰতিনিধি দল কাৰ্বি আংলং ভ্ৰমণ কৰে৷ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল বৰা নেতৃত্বত কাৰ্বি আংলং ভ্ৰমণ কৰা সাংবাদিকৰ দলটোৱে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ স্থানীয় সাংবাদিকৰ সৈতে মত-বিনিময় কৰে৷ খেৰণিৰ কৃষি বিভাগৰ অতিথিশালাত অনুষ্ঠিত হোৱা মতবিনিময় অনুষ্ঠানত সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল বৰা সহ অন্যান্য বিষয়-ববীয়া জিতু কলিতা, অমল নাথ আৰু প্রদীপ ডেকাই অংশ গ্ৰহণ কৰে৷
পশ্চিম কাৰ্বি আংলঙৰ খেৰণি প্ৰেছ ক্লাবৰ সভাপতি মোহন টেৰণ, সাধাৰণ সম্পাদক ধৰমবীৰ চৌহান, খেৰণি সাংবাদিক সন্থাৰ উপ-সভাপতি অলক বৰ্মন বৰবৰা, সাধাৰণ সম্পাদক কনক দেউৰীৰ লগতে জয়ৰাম কথাৰ, মোহন ইংতি, সঞ্জয় কুমাৰ সিং আৰু ৰেনছিং টেৰণ উপস্থিত থাকে। মতবিনিময় অনুষ্ঠানত সাংবাদিকসকলে প্ৰতিটো মুহূৰ্ততে সন্মুখীন হৈ অহা সমস্যা, বেতন, চৰকাৰী সুবিধা, ৰেহাই, ন্যায়, অধিকাৰ, সুৰক্ষা আৰু নিৰাপত্তা সম্পৰ্কে বিশদ আলোচনা কৰা হয়৷
সমস্যাসমূহ সমাধানৰ দাবী আৰু পদক্ষেপ সম্পৰ্কেও সবিস্তাৰে আলোচনা কৰা হয় মতবিনিময় অনুষ্ঠানত। আলোচনাৰ পাছতেই মতবিনিময় অনুষ্ঠানত স্থানীয় সাংবাদিকৰ সৰ্বসন্মতি ক্ৰমে সদৌ অসম সাংবাদিক সন্থাৰ শক্তি আৰু ঐক্যতা বৃদ্ধিৰ প্ৰয়াসেৰে পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙত সদৌ অসম সাংবাদিক সন্থাৰ জিলা সমিতি গঠনৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
চাৰিজনীয়া সদস্যৰে এখন আহ্বায়ক সমিতি গঠন কৰি অতি কম দিনৰ ভিতৰতে সদৌ অসম সাংবাদিক সন্থাৰ পুৰ্ণাংগ পশ্চিম কাৰ্বি আংলং জিলা সমিতি গঠনৰ বাবে আহ্বায়ক সমিতিক দায়িত্ব অৰ্পণ কৰে সাংবাদিক সংস্থাৰ কেন্দ্রীয় সমিতিয়ে। বিনিময় অনুষ্ঠানত সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল বৰাই পেছাদাৰী সাংবাদিক সকলে ঐক্যবদ্ধৰে একেখন মঞ্চত থাকি সমস্যাসমূহ সমাধানৰ লগতে জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব বুলি কয়৷