চাবুৱাঃ এগৰাকী বিধায়কে জ্যেষ্ঠ সাংবাদিকক বাতৰি সংগ্ৰহত বাধা প্ৰদান কৰাৰ লগতে শাৰিৰীক ভাবে অপদস্থ কৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ডিব্ৰুগড়-তিনিচুকীয়া জিলাত৷ ৰাজ্যৰ আগশাৰীৰ নিউজ চেনেল ডিৱাই-356ৰ তিনিচুকীয়াৰ সাংবাদিক বিকাশ বৰুৱাক মঙলবাৰে বাতৰি সংগ্ৰহত বাধা প্ৰদান কৰি অপমান কৰাৰ পিছতে জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল-সংগঠন৷

ডিব্ৰুগড় জিলাৰ চাবুৱাত বিধায়কজনৰ প্ৰতিকৃতী দাহ কৰি বিধায়কগৰাকীক শাস্তি প্ৰদানৰ দাবী জনায়৷ সাংবাদিক সুৰক্ষা মঞ্চ ডিব্ৰুগড় জিলা সমিতি, চাবুৱা মেডিয়া ফ'ৰাম, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, টাই আহোম ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু জাতীয়তাবাদী যুৱ সন্মিলনৰ চাবুৱা আঞ্চলিক সমিতিয়ে বিধায়কগৰাকীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে৷

সংগঠনকেইটাই চাবুৱা চাৰিআলিত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি গনতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত গুণ্ডাগিৰি নচলিব, বিজেপি চৰকাৰ হায় হায়, বিজেপি বিধায়ক সঞ্জয় কিষাণ মুৰ্দাবাদ, সাংবাদিকৰ ওপৰত অত্যাচাৰ বন্ধ কৰক আদি বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। বিজেপি চৰকাৰে পথ নিমাৰ্ণত দুৰ্নীতি হৈছে নে নাই হোৱা সেইটো বিচাৰ কৰিবলৈ বিজেপিৰ বিধায়কজন কোন সেইটো বিচাৰ কৰিবলৈ গড়কাপ্তানী বিভাগৰ বিষয়া আছে।

যদি পথটো নিমাৰ্ণত একো অনিয়ম হোৱা নাই তেন্তে বিধায়কজনে কিয় বাতৰি পৰিবেশন কৰিবলৈ বাধা প্ৰদান কৰিছিল। সঞ্জয় কিষাণ বিজেপি বিধায়ক নে গড়কাপ্তানী বিভাগৰ অভিযন্তা বুলি বিধায়কগৰাকীক প্ৰশ্ন কৰে সংগঠনকেইটাই। লগতে অনাগত দিনত সাংবাদিকক ভয় খুৱাই মুখ বন্ধ কৰিবৰ বাবে চেষ্টা নকৰিবলৈ বিধায়কগৰাকীক সংগঠনকেইটাই সকীয়াই দিয়ে।