29
Sep
2017

ওদালগুৰিঃ দুৰ্গা পূজাৰ মাজতে ওদালগুৰিত চুৰি হ’ল সাংবাদিকৰ মটৰচাইকেল৷ জানিব পৰা মতে, ওদালগুৰিৰ বৈদ্যুতিন সংবাদ মাধ্যমৰ সাংবাদিক অখিল কলিতাই বাতৰি সংগ্ৰহ কৰিবলৈ গৈ ওদালগুৰি ৰেলৱে ষ্টেছনৰ সমীপত ৰয়েল এনফিল্ড মটৰচাইকেল ৰখাই থৈ যায়৷ মটৰচাইকেল খন ৰখাই থৈ বাতৰি সংগ্ৰহত ব্যস্ত হৈ পৰে সাংবাদিকগৰাকী৷
কিছু সময় পিছতে মটৰচাইকেল খন ৰখাই থোৱা ঠাইলৈ আহি সাংবাদিকগৰাকীয়ে মটৰচাইকেল খন দেখা নাপায় বিচাৰ-খোচাৰ কৰিবলৈ আৰম্ভ কৰে৷ বিচাৰি পাবলৈ সক্ষম নোহোৱাত অৱশেষত AS-27-B-0477 নম্বৰৰ মটৰচাইকেল হেৰুৱা বুলি এজাহাৰ দাখিল কৰে সাংবাদিক অখিলে৷