ডিব্ৰুগড়ঃ নিৰাপত্তাক লৈ চিন্তিত ৰাজ্যৰ সাংবাদিক৷ বিভিন্ন সময়ত সাংবাদিকক ভাবুকি, আক্ৰমণ, নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে৷ শেহতীয়াকৈ উজনি অসমৰ এগৰাকী সাংবাদিকক সেনাই অকথ্য নিৰ্যাতন চলোৱাৰ ঘটনাৰ চাঞ্চল্য আজিও অব্যাহত আছে ৰাজ্যত৷ তাৰ মাজতে, হুচিয়াৰ কাৰ্যপালিকা-আইনপালিক৷ ভাৰতীয় সেনাৰ বৰ্বৰ আক্ৰমণ সহ্য কৰা নহ’ব৷ গণতন্ত্ৰণৰ চতুৰ্থ স্তম্ভৰ গাত হাত দিয়াৰ পূৰ্বে এবাৰ ভাবক৷

সাংবাদিকৰ ওপৰত হৈ অহা আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ কৰো আহক আদি শ্ল’গান লিখা প্লেকাৰ্ড হাতে হাতে লৈ প্ৰতিবাদ কৰিবলৈ ওলাই আহিল সাংবাদিকক৷ ডিব্ৰুগড় জিলাৰ সাংবাদিক সকল বুধবাৰে পুৱাই ওলাই আহি সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷ নিৰাপত্তাক লৈ শংকিত-চিন্তিত সাংবাদিকসকলে হাতে হাতে প্লেকাৰ্ড লৈ সাংবাদিকৰ ওপৰত হৈ অহা নিৰ্যাতন বন্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ চাবুৱাত মাঘ বিহুৰ দিনটোতে এগৰাকী সাংবাদিকক মাজ নিশা সেনাৰ পোছাকত অহা দল এটাই ঘৰৰ পৰা উঠাই নিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ চোৰ, ডকাইত, সন্ত্ৰাসবাদীৰ দৰে এগৰাকী নিষ্ঠাৱান সাংবাদিকক সেনাৰ পোছাকত অহা এটা দলে মাজ নিশা উঠাই অনা ঘটনাক আজিও সহজে লব পৰা নাই ৰাইজে৷ সাংবাদিকগৰাকীক নিজ ঘৰৰ পৰা মাৰ-ধৰ কৰি উঠাই নিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ডিব্ৰুগড় জিলাত৷ সামৰিক পোছাকাত অহা দলটোৱে ১২ জানুৱাৰীৰ মাজ নিশা প্ৰথমে সাংবাদিকজনৰ ঘৰৰ চৌহদত প্ৰৱেশ কৰে৷

তাৰ পিছত সেনা-আৰক্ষীয়ে সাংবাদিকগৰাকীক ঘৰৰ পৰা মাতি উলিয়াই আনি বেয়াকৈ মাৰধৰ কৰি প্ৰায় ১৫ ঘন্টা গোপন স্থানত আৱদ্ধ কৰি ৰাইজৰ দাবীত সেও মানি অৱশেষত এৰি দিবলৈ বাধ্য হৈছিল৷ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ সাংবাদিকগৰাকীক ভাৰতীয় সেনা বাহিনীয়ে মাজনিশা উঠাই নি অকথ্য নিৰ্যাতন চলোৱাৰ প্ৰতিবাদত ডিব্ৰুগড়ত সাংবাদিকে প্ৰতিবাদ সাব্যস্ত কৰে।

ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ উদ্যোগত ডিব্ৰুগড়ৰ কেইবাটাও দল-সংগঠনৰ সহযোগত ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰে। চাবুৱা প্ৰেছ ক্লাৱৰ সভাপতি তথা অসমীয়া প্ৰতিদিন আৰু ডি ৱাই ৩৬৫ৰ সাংবাদিক স্বৰূপজ্যোতি চেতিয়াক আলফা (স্বাধীন)ৰ লিংকমেন বুলি অভিযোগ তুলি সাংবাদিকজনৰ বাসগৃহৰ পৰা উঠাই আনি ডিব্ৰুগড় পল্টন বজাৰৰ সেনা চাউনিত অকথ্য নিৰ্যাতন চলায়।

অৱশ্যে বহু দল-সংগঠনৰ হেঁচাত বিয়লি সাংবাদিকজনক মুকলি কৰি দিবলৈ বাধ্য হয়। ইপিনে সাংবাদিকজনৰ ওপৰত চলোৱা এই নিৰ্যাতনৰ ঘটনাই ৰাজ্যাজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়। যাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে ডিব্ৰুগড়ৰ সাংবাদিকসকলে কলা বেজ পৰিধান কৰি দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সাংবাদিকৰ সুৰক্ষা, সাংবাদিকৰ ওপৰত চলোৱা নিৰ্যাতন বন্ধ কৰা আদি দাবী উত্থাপন কৰা হয়।

প্ৰতিবাদী কাৰ্যসূচীত ডিব্ৰুগড় জিলা প্ৰেছ ক্লাৱৰ সভাপতি প্ৰবীৰ চক্ৰৱৰ্তী, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সভাপতি মঞ্জিত বৰা, সম্পাদক ৰাতুল বৰগোঁহাই, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সম্পাদক উদয়ন কুমাৰ গগৈ, সন্মিলিত খিলঞ্জীয়া পৰিষদৰ সাধাৰণ সম্পাদক দিব্যপৱন বৰা, মটক যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি যুগল বৰুৱা, অসম কৃষক মহাসভাৰ সভাপতি বলিন্দ্ৰ শইকীয়া, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা, ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদ, চাবুৱা প্ৰেছ ক্লাব, চাবুৱা প্ৰেছ গীল্ড আদি দল সংগঠনৰ বিষয়-ববীয়াই অংশগ্ৰহণ কৰে।