ৰঙিয়াঃ মহাপ্ৰভু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে আজি ৰঙিয়াত এক বিশাল শোভাযাত্ৰা উলিওৱা হয়৷ ১২৬ টা জনগোষ্ঠীৰ সহস্ৰাধিক লোকে অংশ লোৱা বিশাল শোভাযাত্ৰাৰে সমগ্ৰ ৰঙিয়া চহৰ পৰিভ্ৰমণ কৰা হয়৷ বিশ্ব হিন্দু পৰিষদ ৰঙিয়া আৰু বাক্সা জিলাৰ উদ্যোগত আয়োজিত এই শোভাযাত্ৰাৰ শুভাৰম্ভনি কৰে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই।

ইফালে যদি আয়তি আৰু গায়ন বায়ন ৰে ভৰি পৰিছে ৰঙিয়াৰ ৰাজপথ । আনফালে আকৌ গজৰাজৰ পাছে পাছে বিভিন্ন জাতি জনগোষ্ঠীৰ পুৰুষ মহিলাৰ দীঘলীয়া দৃষ্টিনন্দন শাৰী। ঝুমুৰ, ভোৰতাল, বিহু, বাগৰুম্বা আদি পৰম্পৰাগত নৃত্যৰে আজি ৰঙিয়াৰ ৰাজপথত মুখৰিত হৈ পৰে।

আনহাতে আজি ৰঙিয়াৰ বিষ্ণু মন্দিৰটো উলহ মালহেৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ আয়োজন কৰা হয়।