ওদালগুৰিঃ ধৰ্ষণৰ গোচৰৰ অভিযুক্ত এগৰাকী লোকক শুকুৰবাৰে যাৱজ্জীৱন কাৰাদণ্ড বিহে ওদালগুৰি সত্ৰ ন্যায়াধীশে৷ পানেৰী আৰক্ষী থানাৰ অন্তৰ্গত বগৰীবাৰী গাঁৱৰ সৌমদশ্ৰী দৈমাৰী(২৩) নামৰ এগৰাকী যুৱতীক ধৰ্ষণ কৰি হত্যা কৰাৰ অপৰাধত নৃপেন বড়ো নামৰ লোক এজনক ওদালগুৰি জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰে।

সংঘটিত ঘটনা অনুসৰি টংলাৰ মাগন চুবাৰ নৃপেন বড়ো আৰু পানেৰীৰ বগৰীবাৰী গাওঁৰ সৌমদশ্ৰী দৈমাৰীৰ মাজত আছিল এক দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক। ২০১৫ চনৰ ৩ এপ্ৰিলত নৃপেনে লগ কৰাৰ উদ্দেশ্যে প্ৰেমিকাক ফোন কৰি পানেৰী থানাৰ অন্তৰ্গত ধুপগুৰি গাঁৱৰ নোনাই নৈৰ পাৰলৈ আহিবলৈ প্ৰস্তাৱ দিয়ে। উক্ত স্থানতে নৃপেনে সৌমদশ্ৰী দৈমাৰীক ধৰ্ষণ কৰে।

কেৱল ধৰ্ষণ কৰাই নহয় প্ৰেমিকাক উক্ত স্থানত হত্যা কৰি নদীত উটুৱাই দিয়ে। ইয়াৰ পাছত সৌমদশ্ৰী দৈমাৰীৰ পৰিয়ালৰ লোকে জীয়ৰীৰ নিৰুদ্দেশ সন্দৰ্ভত পানেৰী থানাত এক এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই প্ৰামাণিক তথ্যৰ ভিত্তিত প্ৰেমিক নৃপেনক গ্ৰেপ্তাৰ কৰি তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০বি/৩৭৬/৩০২ অধীনত এক গোচৰ ৰুজু কৰে।

গোচৰৰ ভিত্তিত ওদালগুৰি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে তদন্ত কৰি গোচৰ নং ১১৫ ইউ ২০১৫ৰ চূড়ান্ত ৰায় প্ৰদান কৰি প্ৰেমিক নৃপেণক হত্যাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। একেটা নিৰ্দেশনাত আদালতে ৫০০০ টকাৰ জৰিমণা বিহি ধন আদায় দিব নোৱাৰিলে অতিৰিক্ত ৩মাহৰ কাৰাদণ্ড খাতিব লাগিব বুলি নিৰ্দেশ দিয়ে।