কাকপথাৰঃ  উত্তৰ পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত প্ৰতিবাদ  কৰাৰ লগতে আজি কাকপথাৰস্থিত সমূহ সাংবাদকৰ্মীসকলে তিনিচুকীয়া জিলাৰ কাকপথাৰ শ্বহীদ বেদীৰ তলত প্ৰতিকী প্ৰতিবাদ কৰে ৷ 

বিধেয়কখন বাতিলৰ দাবীত দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদৰ জোৱাৰ উঠাৰ সমান্তৰালভাবে কাকপথাৰৰ বিভিন্ন কাকত, বৈদ্যুতিন মাধ্যমৰ সাংবাদকৰ্মীসকলে একগোট হৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদৰ যোগেদি জাতি-মাটি-ভেটিৰ কথা কৈ শাসনৰ গাদী দখল কৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বৰমূৰীয়া সকলক অসম আৰু অসমীয়াৰ ভাষা, সংস্কৃতিক আঘাট কৰিব পৰা জাতিধ্বংসী বিধেয়কখন বাতিল কৰিবলৈ দাবী জনোৱাৰ লগতে অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক উক্ত বিধেয়কখনৰ বিৰুদ্ধে মাত মাতি তেখেতৰ প্ৰতি থকা অসমৰ ৰাইজৰ আস্থা ঘুৰাই আনিবলৈ আহ্বান জনায় ৷ 

ৰাজ্যখনৰ দল-সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান, প্ৰৱক্তা, অধিবক্তা, ছাত্ৰ-ছাত্ৰী সকলোৱে বিৰোধ কৰা বিধেয়কখন কোনো কাৰণতে গ্ৰহণ নকৰাৰ লগতে হ'ব পৰা যিকিনো পৰিস্থিতিৰ সন্মুখীন হবলৈ প্ৰস্তুত বুলি সাংবাদিক সকলে জানিবলৈ দিয়ে৷ আছুৰ নেতৃত্বত ত্ৰিশটা সংগঠন আৰু অসম কৃষকমুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ৭০ টাকৈ সংগঠনে বিধেয়কখনৰ বিৰুদ্ধে কৰা আন্দোলন সকলোৱে একগোট হৈ আন্দোলন চলাবলৈ সাংবাদিকসকলে আহ্বান জনায় ৷