গুৱাহাটীঃ নগাঁও জিলাৰ কলিয়াবৰত ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত মৰাপাট উদ্যোগ (দ্বিতীয় গোট) স্থাপনৰ বাবে যো-জা অব্যাহত থকাটোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সচেতন মহলৰ মাজত। উল্লেখ্য যে, ৰাজ্যৰ একমাত্ৰ লাভদায়ক সমবায় উদ্যোগ শিলঘাট মৰাপাট কলৰ বাবে বিগত বৰ্ষৰ ডিচেম্বৰত ৰাজ্য চৰকাৰৰ কেবিনেটে মঞ্জুৰ কৰিছিল ৩২.৭২ কোটি টকাৰ ঋণ।

সংশ্লিষ্ট কৰ্তৃপক্ষৰ এনে কাৰ্যত স্থানীয় ৰাইজৰ লগতে ক্ষোভিত হৈ পৰিছে ধাৰাবাহিক উৎপাদনেৰে সফলতাৰ মুখ দেখুৱাই অহা উদ্যোগটোৰ কৰ্মচাৰীসকল। উক্ত হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে যোৱা ২৩, ২৪, ২৫ আৰু ২৬ ডিচেম্বৰত গণস্বাক্ষৰো সংগ্ৰহ কৰে কৰ্মী পৰিষদে। গণস্বাক্ষৰ সংগ্ৰহ অভিযানৰ জৰিয়তে উদ্যোগটোৰ দ্বিতীয় গোটতো বৰ্তমানৰ কলটোৰ কাষতে স্থাপন কৰাৰ দাবী জনাই কৰ্মী পৰিষদে। 

কৰ্মী পৰিষদৰ সদস্যসকলৰ ভাষ্য অনুযায়ী বালিৰে ভৰা অঞ্চল এটাত এনে উদ্যোগ স্থাপন কৰাতো কোনোপধ্যে সম্ভৱ নহয়। “যিটো স্থানত উদ্যোগটো স্থাপন কৰিব বিচাৰিছে সেয়া হৈছে বিহডুবি। সমগ্ৰ বিহডুবি অঞ্চলটো বালিৰে ভৰা। ইয়াত আগতে পলিষ্টাৰ মিলটো আছিল। কিন্তু বালিচৰত স্থাপন কৰা বাবে দুমাহতে সেয়া বন্ধ কৰিবলৈ বাধ্য হৈ পৰে। ইমানৰ পিছতো আমি জানি-শুনি একে ঘটনাৰ পুনৰাবৃত্তি হ’বলৈ দিব নোৱাৰো।’-এইদৰে কয় এজন ক্ষুব্ধ স্থানীয় কৰ্মচাৰীয়ে।

উদ্যোগটোৰ বাবে ঋণ হিচাপে প্ৰদান কৰা ধনখিনিৰ যাতে অপচয় নহয় তাৰ বাবে বৰ্তমানৰ যিটো মূল উদ্যোগ আছে, তাৰ  কাষতে নতুন প্ৰকল্পটো স্থাপন কৰিবলৈকো দাবী জনাইছে কৰ্মচাৰী তথা স্থানীয় ৰাইজে। 

এই সন্দৰ্ভত মৰাপাট কল কৰ্মী পৰিষদৰ সভাপতি জয়ন্ত বৰকাকতিয়ে নিজৰ স্থিতি স্পষ্ট কৰি কয় যে  ৰাজ্য চৰকাৰৰ কেবিনেটে ৩২.৭২ কোটি টকা ঋণ মঞ্জুৰ কৰাত কলটোৰ প্ৰতিজন কৰ্মচাৰী আনন্দিত হৈছে যদিও ইয়াত যথেষ্ট মাটি থকাৰ পিছতো প্ৰস্তাৱিত দ্বিতীয়টো প্ৰকল্পৰ বাবে বিহডুবিৰ দৰে অনুপযুক্ত অঞ্চল এটাক বাছি লোৱাটো দুৰ্ভাগ্যজনক। একাংশ লোকে ব্যক্তিগত লাভালাভৰ বাবে এনেদৰে বালিৰে ভৰা বিহডুবিত মৰাপাট কলৰ দ্বিতীয়টো প্ৰকল্প স্থাপনৰ বাবে উঠি-পৰি লাগিছে বুলিও অভিযোগ তোলে বৰকাকতিয়ে।

'আমি মিল পৰিচালনা সমিতিক কৈ আহিছো। যদিহে দ্বিতীয় প্ৰকল্পটো মিলটোৰ বৰ্তমানৰ স্থানতে স্থাপন কৰে তেন্তে অতি কম খৰচতে আৰু কম সময়তে এইটো উৎপাদনক্ষম কৰি তুলিব পৰা যাব। ফলত উদ্যোগটোৰ লাভৰ পৰিমাণ আগতকৈয়ো বৃদ্ধি পাব।'- তেওঁ কয়।

উল্লেখ্য যে, শিলঘাট মৰাপাট কল হৈছে লাভৰ মুখ দেখা ৰাজ্যৰ সমবায় ভিত্তিক একমাত্ৰ উদ্যোগ। ২০১৭ চনত কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু সমবায় বিভাগৰ পৰা ৰাজ্যৰ ভিতৰতে শ্ৰেষ্ঠ সমবায় সমিতিৰ বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছিল উদ্যোগটো। ১৯৬৭ চনৰ ১৪ আগষ্টত তদানীন্তন কলিয়াবৰৰ বিধায়ক প্ৰয়াত লীলাকান্ত বৰাই আধাৰশিলা স্থাপন কৰিছিল এই উদ্যোগটোৰ। 

সৰ্বসাধাৰণৰ বোধগম্য হোৱাকৈ সমগ্ৰ বিষয়টোক লৈ এখন তথ্যচিত্ৰও নিৰ্মাণ কৰি উলিয়াইছে মিল কৰ্মী পৰিষদে। উদ্যোগটোৰ বাবে প্ৰদান কৰা ঋণৰ ধন কেনেকৈ সদব্যৱহাৰ কৰিব পাৰি, কেনেধৰণে কাম আগবঢ়ালে উদ্যোগটোৱে লাভৰ মুখ দেখিবকে আদি কৰি এই সম্পৰ্কীয় প্ৰায় সকলোবোৰ দিশ তথ্যচিত্ৰখনত সামৰি লোৱা হৈছে।