
গুৱাহাটীঃ অসমীয়া ভাষা সাহিত্যৰ কাণ্ডাৰিসকলৰ অন্যতম ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক বুধবাৰে ৰাজ্যবাসীয়ে স্মৰণ কৰিব৷ ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিচাত জন্ম গ্ৰহণ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্মৰাজীক শ্ৰদ্ধা যাচিব অসমৰ দল-সংগঠনে৷
গীতিকাৰ, নাট্যকাৰ, লেখক আৰু অসমৰ প্ৰথমগৰাকী বোলছবি নিৰ্মাতা আগৰৱালাই ১৯৫১ চনৰ ১৭ জানুৱাৰীত মৃত্যুক আকোৱালি লৈছিল৷ ১৯৩৫ চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ নিৰ্মাণ কৰি ইতিহাস ৰচনা কৰাৰ লগতে অসমীয়া ছবিজগতৰ সোণালী অধ্যায় আৰম্ভ কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বুধবাৰে ৬৭ সংখ্যক মৃত্যুবাৰ্ষিকী৷
অসমীয়া জাতিৰ বাবে মহান অৱদান আগবঢ়াই যোৱা নাট্যকাৰ লেখক আৰু বোলছবি নিৰ্মাতা, ভাষা-সাহিত্য, কবিতাৰ ওজাক ৰাজ্য খনৰ দল-সংগঠনে তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে স্মৰণ কৰিব বুধবাৰে৷ ওৰোটো জীৱন অসমীয়া ভাষা, সাহিত্য, পৰম্পৰা, সংস্কৃতিৰ হৈ কাম কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া গীত-মাতত আধুনিকতাৰ পৰশ পেলোৱা মানুহগৰাকী বুলি কোৱা হয়৷
প্ৰৱন্ধ লিখক, সমালোচনা, শিশুসাহিত্য দিশত আগবঢ়ােৱা বৰঙণি তথা অসমীয়া সংস্কৃতিলৈ তেওঁৰ অৱদানৰ বাবে ‘ৰূপকোঁৱৰ’ উপাধি লাভ কৰিছিল। তেওঁৰ মৃত্যু তিথি ১৭ জানুৱাৰীত ‘শিল্পী দিৱস’ ৰূপে পালন কৰি আহিছে অসম তথা অসমীয়াই৷ বুধবাৰে ৰাজ্যজুৰি অসমবাসীয়ে পুনৰ স্মৰণ কৰিছে শিল্পীগৰাকীক৷ ৰাজ্যজুৰি অনুষ্ঠিত হৈছে শিল্পী দিৱস।
১৯২১ চনত দ্বিতীয় বিভাগত মেট্ৰিকুলেচনত উত্তীৰ্ণ হোৱা তেতিয়াৰ ছাত্ৰ আগৰৱালাই কলকাতাৰ নেছনেল কলেজৰ পৰা আইএ (তেতিয়াৰ) দ্বিতীয় বৰ্ষৰ পঢ়া সাং কৰে। ১৯২৬ চনত অৰ্থনীতিত উচ্চ শিক্ষাৰ বাবে এডিনবাৰ্গলৈ যায় কিন্তু পঢ়া শেষ নকৰাকৈয়ে ১৯৩০ চনত উভতি আহিছিল। জাৰ্মানীত ৭ মাহ চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণো লৈছিল আগৰৱালাই৷