11
May
2017

বোকাজানঃ আগন্তুক কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন অহা ১২ জুনত অনুষ্ঠিত হ’ব বুলি ৰাজ্যিক নিৰ্বাচনী আয়োগে ঘোষণা কৰিছে৷ আজি ৰাজ্যিক নিৰ্বাচনী আয়োগে এক সংবাদমেল যোগে নিৰ্বাচনৰ দিন ঘোষণা কৰে৷
মুঠ ২৬ টা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া কাৰ্বি পৰিষদীয় নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ হৈছে ১৯ মে'। ১৭ জুনত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিন ধাৰ্য্য কৰা হৈছে বুলি ৰাজ্যিক নিৰ্বাচনী আয়োগে সদৰী কৰে।