15
Dec
2017

মোৰাঝাৰঃ হোজাই জিলাৰ নীলবাগানত অসম ভিওিত অনুষ্ঠিত কাবাডী প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে নিশা সামৰণি পৰে।
নিউ ষ্টাৰ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাত ৫০টা দলে অংশ লয়৷ চেভেন ষ্টাৰ চানাপট্টি দলে চূড়ান্ত বিজয়ী হোৱাৰ লগতে চাহাৰান দলে ৰানাৰ্চ আপ হয়।
ক্লাবৰ সম্পাদক ৰায়হান আহমেদ চৌধুৰীয়ে আঁত ধৰা চূড়ান্ত খেলত মোৰাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজিত তেৰাং আৰু লংকা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ সভাপতি চাইবুৰ ৰহমানকে ধৰি কেবা বহু দৰ্শক উপস্থিত থাকে৷