29
Aug
2018

newsnextone.com | যোৰহাটঃ বাল্য ভৱন প্ৰাক্তন ছাত্ৰ সন্মিলনীয়ে অহা ৪ ছেপ্টেম্বৰ পুৱা ১০ বজাৰ পৰা যোৰহাট বিজ্ঞান অাৰু তাৰকাগৃহত হেমন্তেশ্বৰী দেৱী (মাকন বাইদেউ)ৰ সোঁৱৰণত কবিতা অাবৃত্তি প্ৰতিযোগিতাৰ অায়োজন কৰিছে। প্ৰতিযোগিতাখনি দুটা শাখাত অনুষ্ঠিত হ'ব।
নিম্ন শাখা- অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণী, উচ্চ শাখা- একাদশ শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়। প্ৰতিযোগীসকলে নিজা পচন্দৰ কবিতা অাবৃত্তি কৰিব পাৰিব। মাত্ৰ অাবৃত্তি কৰাৰ পূৰ্বে কবিতাৰ প্ৰতিলিপি বিচাৰকৰ হাতত জমা দিব লাগিব।
নিম্ন শাখাৰ বাবে প্ৰতিখন বিদ্যালয়ৰ পৰা দুজন অাৰু উচ্চ শাখাৰ বাবে তিনিজনকৈ প্ৰতিযোগীয়ে যোগদান কৰিব পাৰিব। বিজয়ী প্ৰতিযোগীসকলক নগদধন, মানপত্ৰৰে পুৰস্কৃত কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।