
গোৰেশ্বৰঃ প্ৰাক্তন ৰঙিয়া মহকুমা আই টি ডি পিৰ অধ্যক্ষ, সমাজকৰ্মী তথা গোৰেশ্বৰ টাউনৰ বাসিন্দা কৈলাশ মজুমদাৰে ৫০ বছৰ বয়সত মঙলবাৰে মৃত্যুক আকোৱালি লয়৷ সোমবাৰে গোৰেশ্বৰ টাউনস্থিত নিজ ঘৰত হঠাৎ অসুস্থ হৈ পৰে প্ৰাক্তন আই টি ডি পি অধ্যক্ষগৰাকী৷ পৰিয়ালৰ লোকে মজুমদাৰক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ততাতৈয়াকৈ ভৰ্তি কৰে৷ কেবাটাও ৰোগত আক্ৰান্ত মজুমদাৰক চিকিৎসাধীন অৱস্থাতে মঙলবাৰে সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যুবৰণ কৰে৷
মৃত্যুৰ আগমুহূৰ্তলৈকে গোৰেশ্বৰ অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত মজুমদাৰে ৮০ৰ দশকত পানেৰী বিধানসভা সমষ্টিত তৃণমুল কংগ্ৰেছৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল৷ পিছলৈ কংগ্ৰেছত যোগজান কৰি অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ কাৰ্যনিৰ্বাহক পদবীতো কাৰ্যনিৰ্বাহ কৰিছিল৷ অবিভক্ত কামৰূপ জিলা কংগ্ৰেছৰ আগশাৰীৰ নেতা আছিল মজুমদাৰ৷
ৰাজীৱ গান্ধীৰ নেতৃত্বত দিল্লীত অনুষ্ঠিত সেৱা দলৰ প্ৰশিক্ষণতো অংশ লৈছিল মজুমদাৰে৷ কংগ্ৰেছ দলৰ উত্থান-পতনৰ সাক্ষী আছিল মজুমদাৰ৷ যোৱা দুই বছৰ ধৰি বিটিএডিৰ ৰাজনীতিত সক্ৰিয় হৈ আছিল তেওঁ৷ কৈলাশ মজুমদাৰ গুৱাহাটী উচ্চ ন্যালয়ৰ জ্যেষ্ঠ অধিবক্তা মানস শৰনীয়াৰ জ্যেষ্ঠ ভাতৃ আছিল৷ নেতাগৰাকীয়ে মৃত্যুৰ সময়ত মাতৃ, পত্নী, দুই ভাতৃ, তিনি পুত্ৰসহ বহু গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়৷ তেওঁৰ মৃত্যুত বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰাৰ লগতে গোৰেশ্বৰত শোকৰ ছাঁ পৰে৷