কাজিৰঙাঃ যোৱানিশা প্ৰচণ্ড ধুমুহাৰ লগতে অহা বৰষুণত বিস্তৰ ক্ষতিসাধন হয় কাজিৰঙা তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমুহত। বহু গছ-গছনি ভাঙি পৰাৰ লগতে বহু ঘৰৰ অনিষ্ট সাধন হয় এই ধুমুহাত।

ধুমুহাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত গছ ভাঙি পৰাৰ ফলত কিছু সময়ৰ বাবে পথটো বন্ধ হৈ পৰে যদিও কঁহৰা থানাৰ আৰক্ষীৰ তৎপৰতাত কিছু সময়ৰ পাছতেই পথটি মুকলি হৈ যাতায়তৰ বাবে সুগম হৈ উঠে।