কাকপথাৰঃ কাকপথাৰৰ অগ্ৰণী সাংস্কৃতিক অনুস্থান অভিৰুচি ক্লাবৰ উদ্যোগত শনিবাৰৰপৰা তিনিদিনীয়াকৈ কাকপথাৰ আঞ্চলিক সাংস্কৃতিক প্ৰেক্ষাগৃহত চিত্ৰ আৰু হস্তকলাৰ কৰ্মশালা আৰম্ভ হৈছে।

প্ৰায় শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাখনিত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন স্পীড পেইণ্টাৰ ৰবীন ব'ৰৱে মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব।

এই কৰ্মশালাখনি স্থানীয় চিকিৎসক তথা সমাজকৰ্মী ডাঃ অজিত কুমাৰ বৰুৱাই আনুস্থানিকভাৱে শুভাৰম্ভ কৰে।

কৰ্মশালাত শিশু বন্ধু উপাধিৰে বিভূষিত কুসুম প্ৰভা বুঢ়াগোঁহাই, চিত্ৰশিল্পী সুৰজিত দেৱনাথ, সুলেখা মণ্ডল, বিটু বাঢ়ৈ, শান্তনু ব'ৰ আৰু আদিত্য মণ্ডলো উপস্থিত থাকে।

উল্লেখ্যযোগ্য যে অভিৰুচি ক্লাবৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস আৰু দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি আয়োজন কৰা এই কৰ্মশালাখনিৰ পূৰ্বে ক্লাবৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে।

পতাকা উত্তোলন কৰে অভিৰুচি ক্লাবৰ সভাপতি শিৱপ্ৰসাদ বুঢ়াগোঁহাই আৰু কৰ্মাশালা পৰিচালনা সমিতিৰ সভাপতি দ্বীপেন লহকৰে। স্মৃতি তৰ্পণ কৰে ক্লাবৰ সম্পাদক মানস প্ৰতিম দত্ত আৰু কৰ্মশালা পৰিচালনা সমিতিৰ সম্পাদক তপন মাহাতুৱে।

সামগ্ৰিকভাৱে অনুস্থানটোৰ আঁত ধৰে ক্লাবৰ উপদেষ্টা হেমন্ত শইকীয়াই। তিনিদিনীয়া কৰ্মাশালাখনিৰ অন্তত ৭ জানুৱাৰীৰ সন্ধিয়া ৬ বজাৰপৰা স্পীড পেইণ্টাৰ ৰবীন ব'ৰৰদ্বাৰা "মিৰাকুলাচ ড্ৰইং শ্ব" আয়োজন কৰা বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে।