
newsnextone.com | কাকপথাৰঃ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দম্ভালিৰ পাছতোঁ ৰাজ্যৰ গ্ৰাম্য এলেকাৰ স্বাস্থ্য বিভাগৰ পঁয়ালগা অৱস্থাই ৰাইজক চিন্তিত কৰি তুলিছে। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সময়ে সময়ে স্বাস্থ্য খণ্ডৰ পৰিৱৰ্তন হোৱা বুলি কয় যদিও গ্ৰাম্য এলেকাৰ বহু চিকিৎসালয়ত চিকিৎসক-নাৰ্ছ নথকাৰ লগতে সা-সজুলি লথকাৰ অভিযোগ উত্থাপন হয়।
তিনিচুকীয়া জিলাৰ শদিয়া বিধান সভা সমষ্টিৰ বৃহত্তৰ কাকপথাৰৰ একমাত্ৰ চিকিৎসালয় কাকপথাৰ প্ৰাথমিক চিকিৎসালয়খনৰো তেনেই পৰিবেশৰ সৃষ্টি হয়৷ প্ৰায় ২০০ খন গাঁৱৰ তিনিলাখৰো অধিক লোকৰ চিকিৎসাৰ একমাত্ৰ সম্বল ১০ খন বিছনাযুক্ত চিকিৎসালয় খনত নাই পৰ্যাপ্ত চিকিৎসক তথা নাৰ্ছ ৷ চিকিৎসালয় খনৰ দুৱাৰ, খিৰিকি ভাগি জৰাজীৰ্ণ হৈ পৰাৰ লগতে চিকিৎসালয় খন পৰিচালনা কৰিবৰ বাবে নাই ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া৷ জনৈক চেতিয়া নামৰ এজন চিকিৎসকৰ দায়িত্ব থকা চিকিৎসালয়খনত ৰোগীৰ সহায়ৰ বাবে এম্বুলেঞ্চ চিকিৎসালয়ত নথকাৰ অভিযোগ উত্থাপন হয়৷
কাকপথাৰৰ গন্ধৈগুৰীৰ জনৈক কোঁৱৰ নামৰ লোক এজনক এম্বুলেঞ্চ চালক হিচাপে নিয়োগ কৰিছে স্বাস্থ্যবিভাগে। যদিও চিকিৎসালয়খনৰ এম্বুলেঞ্চখন অইন এজন লোকেহে চলােৱাৰ লগতে আনৰ ঘৰত থাকে বুলি অভিযোগ উত্থাপন হয়। চিকিৎসালয়খনৰ এম্বুলেঞ্চ খন জনৈক কোঁৱৰ নামৰ এজন লোকক চালকৰূপে চৰকাৰে নিয়োগ কৰিছে যদিও নিজৰ ব্যৱসায়ৰ কামত ব্যস্ত থকা লোকজনে কৰ্তব্যত গাফিলতি কৰি আনক এম্বুলেঞ্চ খন চলাব দিয়াৰ অভিযোগ উত্থাপন হৈছে।
চিকিৎসালয়খন মেৰামতিৰ বাবে বছৰেকত প্ৰায় ডেৰ-দুই লাখ টকা আনটাইড ফাণ্ডৰ টকা প্ৰদান কৰা হয়৷ এই টকা উচিত কামত নলগাই দুৰ্নীতি কৰা বুলি অভিযোগ উত্থাপন হৈছে। চিকিৎসালয়খনৰ দায়িত্বত থকা চিকিৎসা বিষয়াই আনটাইড ফাণ্ডৰ টকাৰ বিষয় জ্ঞাত নহয় বুলি কয়। এন এইছ এমৰ বিপিএমৰ দায়িত্বত থকা ধ্ৰুবজ্যোতি শইকীয়াই নামৰ লোকজনেহে এই বিষয়ে জানিব বুলি কয় চিকিৎসা বিষয়াই। চিকিৎসালয়খনৰ বিপিএম ধ্ৰুৱজ্যোতি শইকীয়াৰ পৰা ২০১৫-২০১৮ আনটাইড ফাণ্ডৰ টকাৰ সন্দৰ্ভত জানিব বিছৰাত সেই টকা পৰিচালনা সমিতিয়েহে খৰচ কৰে বুলি জানিবলৈ দিয়ে৷ পৰিচালনা সমিতিৰ দুই সদস্য জনৈক মৰাণ আৰু জনৈক বড়াই সকলো চোৱাচিতা কৰে বুলি মন্তব্য প্ৰকাশ কৰে৷
চিকিৎসালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ডুমডুমা ৰাজহ চক্ৰ বিষয়া পংকজ ৰাজবংশীৰ পৰা আনটাইড ফাণ্ডৰ টকাৰ সন্দৰ্ভত জানিব বিছৰাত বিষয়তো তেওঁ একেবাৰে জ্ঞাত নহয় বুলি জনোৱাৰ লগতে বিষয়তোঁ তদন্তৰ বাবে এটি দল প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে, আনটাইড ফাণ্ডৰ টকা সন্চিদৰ্কিভত উচিত তদন্ত কৰাৰ লগতে ৩০খন বিছনাযুক্ত কৰাৰ দাবী জনায় ৰাইজে।